অনুশাসন-এহিয়া আহমেদ

Rinku Rajowar
0
অনুশাসন হৈছে এনেকুৱা এটা গুণ যিয়ে আমাক ভাল দিশৰ নিৰ্দেশনা দিয়ে আৰু আমাক এক উদাৰ জীৱন যাপন কৰিবলৈ শিকাই।  জীৱনত শৃংখলা ৰক্ষা কৰিলে আমি এক নিপুণ জীৱন যাপন কৰিব পাৰিম।  অনুশাসন হ'ল সাক্ষী নথকা ঠাইতো সৎ আৰু ভুল নোহোৱাকৈ কাম কৰা । এই কথা পূৰ্বপুৰুষসকলে নৈতিকতা আৰু অভিজ্ঞতাৰ জৰিয়তে শিকাইছিল।

ছাত্ৰ সমাজে সৎ আৰু সামাজিকভাৱে দায়বদ্ধ হৈ ডাঙৰ হোৱা উচিত। শিক্ষকসকলে বয়োজ্যেষ্ঠসকলৰ দ্বাৰা পৰিচালিত অভ্যাস অনুসৰণ কৰি জ্ঞান আৰু দক্ষতাৰে ভাল চিন্তাবিদ হিচাপে কাম কৰিব লাগে।
আমাৰ বাবে ন্যায়ৰ নীতি-নিয়মৰ ওপৰত গুৰুত্ব দিয়াৰ উদ্দেশ্যেৰে ঋষিসকলে ৰচনা কৰা শাস্ত্ৰসমূহে আমাক ন্যায়ৰ বহুতো নীতি-নিয়ম সহজভাৱে বুজাইছে।
অনুশাসনে জন্ম দিয়ে মূল নীতিসমূহৰ। নৈতিকতাই জীৱনত জন্ম দিয়াৰ বাবে জীৱই নৈতিকতাক অত্যন্ত মূল্য দিব লাগে। যদি কোনোবাই নিজৰ জীৱনত হিত সাধন কৰিব বিচাৰে তেন্তে ভাল নৈতিকতা পালন কৰাটো প্ৰয়োজনীয়।
স্কুলীয়া জীৱনত যদি আপুনি যত্ন আৰু অনুশাসনৰ সৈতে ভাল আচৰণ নকৰে তেন্তে আপুনি পিছলি পৰিব পাৰে আৰু জীৱন বাটত আগুৱাই যোৱাৰ পথ বন্ধ হ'ব পাৰে।  আমাক পিছলি পৰি যোৱাৰ পৰা ৰক্ষা কৰা কৱচটোৱেই  হৈছে মহৎ লোকৰ বাণীসমূহ অনুধাৱন কৰা ভাল ভাল গ্ৰন্থ সমূহ অধ্যয়ন কৰা । লগতে ধৰ্মীয় গ্ৰন্থসমূহ অধ্যয়ন কৰাৰো প্ৰয়োজনীয়তা আছে। ধৰ্মীয় গ্ৰন্থসমূহে আমাৰ আধ্যাত্মিক জীৱনৰ পথ প্ৰদৰ্শন কৰে। ছাত্ৰ সমাজে পৰীক্ষাৰ পিছত বিষয়বোৰৰ ওপৰত শিকা ধাৰণাবোৰ পাহৰি যোৱা উচিত নহয়। ছাত্ৰ যুগত অনুশাসন, নিয়ন্ত্ৰণ আৰু দেশপ্ৰেমৰ অনুভূতি বিকশিত কৰা উচিত আৰু কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ সকলোকে সন্মান কৰা উচিত ।  ছাত্ৰ সমাজে জীৱনটো সদায় শৈক্ষিক পৰিৱেশত নীতি-নিয়ম অনুসৰি পৰিচালিত কৰিব লাগে। ছাত্ৰ হিচাপে আপুনি যদি চিনেমা, টেলিভিছনৰ দৰে বাহ্যিক আকৰ্ষণৰ প্ৰতি আসক্ত হৈ নিজৰ জীৱনটো নষ্ট নকৰে, বৰঞ্চ জীৱন আৰু জ্ঞানদায়ক শিক্ষাৰ ওপৰত নৈতিকতা শিকিব পাৰে, আৰু শৈক্ষিক পৰিৱেশত অনুশাসন মানি চলে তেতিয়া হ'লে জীৱনৰ সাফল্যৰ পথ প্ৰশস্ত হোৱাটো খাটাং।  আহক আমি সকলোৱে শুভ জীৱন যাপন কৰোঁ! আৰু দেশৰ গৌৰৱ ৰক্ষা কৰোঁ!

✍️ এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও।
ফোন নং- ৮৮৭৬১২৩১২৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)