তোমাৰ জীৱন্ত স্মৃতি-কংকন বৰা

©Admin
0
নাজানো  মাজে মাজে কি হয় মোৰ;
তুমি কাষত নাই বুলি জানিও
মাজৰাতিৰ মোহময়ী নিস্তব্ধতাবোৰত আজিও
বাৰে বাৰে তোমাক বিচাৰি চাওঁ,
কিজানি ক'ৰবাত দেখা পাওঁ
মোলৈ হাঁহি হাঁহি চাই থকা তোমাৰ ছায়ামূৰ্তি।
তোমাৰ ভাৱনাতেই পাৰ হৈ যায়
কত অকলশৰীয়া উজাগৰী ৰাতি 
আৰু কি জানা...
তোমাৰ সেই দীঘল চুলিটাৰিৰ সুবাসে
আজিও উন্মনা কৰে মোৰ মন।
আজিও অনুভৱ কৰোঁ, মোৰ বুকুত
তোমাৰ সেই কাজলবুলীয়া দুচকুৰ উপস্থিতি।
আজি কালি তোমাৰ খিল খিল হাঁহিৰ ঢৌৱে
মোৰ মন উপকূলত আজিও বাৰে বাৰে খুন্দিয়াই।
মোৰ উশাহত যেন এতিয়াও সোমাই যায়
তোমাৰ হৃদয়ৰ বকুল বকুল নিৰ্যাস।
মোৰ মানসপটত ভাঁহি অহা
তোমাৰ সতে কটোৱা জীৱন্ত স্মৃতিবোৰো দেখোন
আজিকালি বাস্তৱ যেন লগা হ'ল।
এতিয়াও তোমাক বিচাৰি যাওঁ বুকুৰ মাজত,
কিজানি তোমাক বিচাৰি পাওঁ,
মোৰ হিয়াৰ কোনোবাটি কোণত নিদ্ৰাৰত অৱস্থাত।।

✍️কংকন বৰা
লখিমপুৰ, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)