নিৰিবিলি নিশাৰ আমনি-ত্ৰিদিপ বশিষ্ঠ

©Admin
0
আকাশৰ নামনিয়েদি চুঁচৰি নামি গৈছে বেলি 
সমুদ্ৰৰ বেলিৰ পকি ৰঙ ডুব গৈছে পশ্চিম আকাশত 
সৰোবৰৰ তৰাংগয়িত পানীত বেলিৰ সুমথিৰা বৰণীয়া চুলিৰ ৰহণ
সংকেতবনৰ লুকাভাকু  কৰে আকাশৰ নিৰ্গৰিত বৃষ্টিজাকে
শৰ্য্যাৰ পৰা ৰিঙিয়াই থকা পদ্মাৱতী 
জীৱনৰ জঞ্জাল আচৰণ দেখি মাথো হুমুনিয়াইছে
হায় ৰে কি জীৱন
ক্লান্ত হৈ পৰা পদ্মাৱতীৰ চিকুণ শৰ্য্যাত
সন্ধ্যাৰ ৰহন গাঢ় হোৱাৰ লগে লগে 
গহীন সংকেতবনৰ কুমলীয়া আভাষে 
তাইক আগুৰি ধৰে মনৰ এটি কোণত 
আজি পদ্মাৱতীৰ ওচৰত কোনো মানুহৰ সঁহাৰি নাই 
নাই কোনো মিতিৰালি কৰিবলৈ আত্মীয় স্বজন
সকলোৱে যেন অৱহেলা কৰিছে 
কেতিয়াবা যেন এনেকুৱা অনুভৱ হয় 
জীৱনৰ জঞ্জাল সামৰি ধৰিত্ৰীৰ কোলাত বিশ্ৰাম লব 
আত্মীয় স্বজনৰ পৰা নিৰ্বাসিত হৈ
এটাই মাথোঁ প্ৰশ্ন মনৰ ঠাঁচত বাকৰুদ্ধ হয় 
ইমান নিদাৰুন হব পাৰে নে মানুহ
বিষাদকণ্ঠে উচ্চাৰি হৃদয়ত হাত থৈ অকস্মাত থমকি ৰৈ যায় 
মই জানো মনৰ আনন্দত আত্মবলি নেকি
জালিকটা সন্ধিয়াৰ আকাশত ডাৱৰ আছে নেকি
জীৱনৰ পাৰ হৈ অহা দিনবোৰ   নিশাদেৱীৰ আৱাহনী সংগীতে
বিয়পাই দিছে জোনৰ ৰূপালী পোহৰ 
 হয়তো তাই আশাবাদী 
তাইৰো জীৱনত ৰূপালী পোহৰৰ আগমন হব 
দুয়োহাত মেলি আকাশলৈ মুখ কৰি
সন্ধিয়াৰ নিৰ্জনতাত সমৰ্পিত কৰি নিজকে 
বিচ্ছুৰিত কৰি ক্ৰমান্বয়ে মায়াময় হৈ উঠা 
 নিৰাপত্তা আৰু অৱক্ষয়ৰ দোহাৰি
কিঞ্চিত আৰু উষ্ণ মনেৰে
তগবগাই থকা জীৱনটোক সান্তনা দিলে 
অকৃপন হাতেৰে ৰূপালী পোহৰ সিঁচি দিম 
যেতিয়ালৈকে আকাশ তৰাৰে উপচি থাকে ।

          ◾ত্ৰিদিপ বশিষ্ঠ
       সমন্বয় পথ , বেলতলা
  যোগাযোগ : ৯৭০৭০৭৫৮৪৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)