বন্ধুত্ব -ৰিম্পী ভৰাঁলী

©Admin
0
বন্ধুত্ব শব্দটিয়ে মধুৰ  
যি  সম্পৰ্ক বুকুৰ।
যাক আন সম্পৰ্কৰ লগত তুলনা কৰিব নোৱাৰি 
যাক  শব্দৰে বুজাব নোৱাৰি
যাক  হৃদয়ৰ পৰা  মচিব নোৱাৰি 
সেই মধুৰ সম্পৰ্কয়ে হ'ল বন্ধুত্ব । 
বন্ধুত্বৰ এনাজৰী মৰমেৰে  ভৰপূৰ 
য'ত বিৰাজিত  জীৱনৰ সকলো  সুখ-দুখ
স্মৃতিৰ  প্ৰতিটো পাতত বন্ধুত্বৰ নাম  
জিলিকে সোণালী আখৰে ।
আনকি শৈশৱৰ কালছোৱাত যেতিয়া থুপুক -থাপাক খোজেৰে
ফুটা-নুফুটা শব্দৰ কিছু অংশৰে  জীৱনৰ আৰম্ভণি হয়
তেতিয়াই জীৱনলৈ বন্ধুত্বৰ আগমন  হয়
পাহৰিব নোৱাৰা মধুৰ 
সম্পৰ্কৰ অন্তৰ্গত এই বন্ধুত্ব 
ইয়াৰ অবিহনে জীৱন যেন অসম্পূৰ্ণ 
যেনেকৈ উশাহৰ অবিহনে জীৱন আধৰুৱা 
তেনেকৈ বন্ধুত্বৰ অবিহনে জীৱন এপাহি  সুবাসহীন ৰজনীগন্ধা।
            
               ✍️ ৰিম্পী  ভৰাঁলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)