জীৱনৰ চৰম বাস্তৱতাৰ
মুখামুখি হোৱাৰ পাল
অৱশেষত আহিল;
সাংঘাতিক অশান্ত অনুভৱ কৰিছোঁ!
কিবা এটা যেন
খহি গৈ আছে ক্ৰমশঃ !!
হেৰাই গৈ আছোঁ যেন
কোনোবা এক অচিন গহ্বৰত !
কিন্তু বিধিৰ বিধান
প্ৰকৃতিৰ নিয়ম মানিবই লাগিব।
আজি তোৰ বিয়া।
সোনগুটি চপোৱাৰ শেষত
এন্দুৰৰ গাতৰ পৰা আজুৰি অনা
ধানবোৰ ভাগ কৰাত তই
কৃপনালি কৰা নাছিলি অ সোণামনি,
কাষৰ ঘৰৰ গছতলৰ পৰা
বুটলি অনা কেঁচা আমৰ
ভাগবোৰো তই
সমানে সমানে কৰিছিলি,
ৰাতি এঘাৰটা বজালৈ
আহাৰ ঠাণ্ডা হোৱাৰ
খবৰ তয়েই ৰাখিছিলি,
এই দাদাজনৰ সপোনবোৰ
পূৰণ হোৱাৰ আন্তৰিক কামনা
তয়েই কৰিছিলি।
আজি তোৰ বিয়া।
আজীৱনৰ কাৰণে
আনৰ ঘৰলৈ গুচি যাবি তই
আমাক এৰি থৈ।
তোৰ মৰমত নাছিল কোনো
ভেজাল, স্বাৰ্থ তথা প্ৰতাৰণা।
মোৰ কাপোৰ জোৰ ধুবলৈ যাওঁতে
পকেটৰ পৰা পোৱা দহ টকীয়া
নোটখন পাই পৃথিৱীৰ আটাইতকৈ
সুখী অনুভৱ কৰা ভন্টিজনী
আজি সংসাৰৰ হাল ধৰিবলৈ
পাতনি মেলিলে।
বুকুখন আজি বৰকৈ কঁপিছে
পুৰণি স্মৃতি বোৰ মনলৈ আওঁৰাই
নষ্টালজিক হৈ পৰিলোঁ।
অশ্ৰু নয়নে বিদায় লৈ
আজি তই গুচি যাবি
ঘৰখন উদং কৰি।
তোলৈ যাঁচিলো অজস্ৰ হিয়া ভৰা
আশীৰ্বাদ সুখী হোৱাৰ কামনাৰে।।
✍️ এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ