হেজাৰটা শব্দই দোলা দি যায়,
সংগী মাথো শুভ্ৰ কাগজ
আৰু এটি কলম ।
ধাৰাল হৈ বৈ যায়
স্বেদ কৰি যায় শুভ্ৰতাৰ বক্ষ
উদং কৰি যায় কাগজৰ লজ্জা ।
কেতিয়াবা মন যায়
তোমাৰ বুকুৰ উমাল পৰশত
এপলক জিৰণি ল'বলৈ ।
ভাবি ভাবি থমকি ৰওঁ
বিভ্ৰান্ত বাস্তৱৰ কথা
হেজাৰ ভাবিলেও যে মই নিচ্ছুপ ।
যতনেৰে ডাঙৰ কৰা আশাৰ ফুলজুপিত
হয়টো কলি মেলিছে ,
ফুলি উঠিবৰ এয়ে উপযুক্ত সময়
যদিহে ধুমুহা আহে মৰহাৰ আগতেই !
সৰিবলৈ নিদিবা দেই আশাৰ ফুলপাহি ।
এধানি পৰশে যেন তৃপ্ত দেহাটি
হেঁপাহৰ সপোনবোৰেও কৰে আমনি
ছাঁয়া মাথোঁ তোমাৰ ভালপোৱাৰ ।
নিসংগতাবোৰেই এদিন প্ৰিয় আছিল
ৰাখিছা যতনে ভালপোৱাৰ আৱেশত ,
কেতিয়াবা লৈ গৈছা মৰমৰ দেশলৈ
আশা মাথোঁ তোমাৰ হোৱালৈ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ