ছেমুৱেল বাটলাৰে কৈছিল--- “একমাত্ৰ মানুহৰ বাহিৰে আন সকলো প্ৰাণীয়েই এই কথা জানে যে জীৱনটোক উপভোগ কৰাটোৱেই হ'ল জীৱনৰ প্ৰধান লক্ষ্য। ”
সময়ৰ পাকচক্ৰত পৰি জীৱনৰ শিৰোণাম সলনি হয় ৷ নিয়মমাফিক জীৱনৰ ৰুটিনত সংযুক্ত হয় ব্যস্ততা ৷ চাৰিওফালৰ ব্যস্ততাক একাষৰীয়া কৰি যেতিয়া আমি নিশাৰ নিস্তব্ধতাত জীৱন খেপিয়াও, ক'ৰবাত আগুৰি ধৰে হতাশাৰ এখনি ওখ পাহাৰে ৷ হয়তো কৰ্মসন্ধানী মনৰ হতাশা, অধ্যয়ন পিপাসু মনৰ বোজা, উচ্চাকাংক্ষী সপোনৰ আগত দিকবিদিক হেৰুওৱা জীৱনৰ গতি, বিফলতা,বিচ্ছেদ,আৰু যে কত কি ? হতাশাৰ শেষ ক'ত অথবা জীৱনৰ অৰ্থ ক'ত ?
দূৰ্বলতাত হতাশাৰ বীজ শিপাই, সেই দূৰ্বলতা লাগিলে মনৰেই হওক বা শৰীৰৰ। যিমানেই আমি সৱল হ'ম হয়তো সিমানেই সফল হ'ম , সেই সফলতা হ'ব আমাৰ মনৰ বা জীৱনৰ। কেতিয়াবা ভবাৰ দৰে নোহোৱা কথাবোৰত বা জীৱনৰ আধৰুৱা গল্প বোৰত ৰৈ যায় দোমোজা ৷ সুখৰ পোহৰ বিচাৰি হাবাথুৰি খোৱাৰ সময়তেই উফৰি পৰে হাজাৰ ধুমুহা। সেয়াই হতাশাৰ আৰম্ভণি ৷ কিন্তু ধুমুহাৰ পাছত জানো অঘৰী হৈ পৰে জীৱন ? আকৌ সাজি লোৱা ঘৰখনৰ দৰেই জীৱনটোও হওক ধুমুহাৰ পাছৰ জোনাক ৷ জীৱন স্বতন্ত্ৰ, আমি যিদৰে বিচাৰো , যেনেকৈ বিচাৰো , জীৱনটো সজাই তোলাৰ ক্ষমতা আমাৰ হাতত ৷ গতিকে হতাশাৰ সোঁতত জীৱনৰ মূল্যাংকন কৰাটো নিশ্চয়কৈ একপ্ৰকাৰ মূৰ্খামি ৷
অমানিশাৰ পাছত পুনৰ নকৈ পোহৰাই তোলাৰ নামেই জীৱন। য'ত বৈ আছে সীমাহীন প্ৰত্যাশা , অৱসাদৰ পাছতো ৰৈ আছে সূৰ্যোদয়,
এখন নীলা দিগন্ত আৰু এজাক মুকলি পক্ষী , আমাৰ মনটোৰ দৰেই যি দিশভ্ৰষ্ট অথচ স্পষ্ট যাৰ লক্ষ্য ৷
◾এনিশা শৰ্মা
চৰাইদেউ ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ