শিক্ষা মন্ত্ৰী লৈ মুকলি চিঠি- ছেলিমা বেগম

©Admin
0
সন্মাননীয় শিক্ষামন্ত্ৰী মহোদয়, লিখনিৰ প্ৰথমতে মোৰ হিয়া বৰা আন্তৰিক শ্ৰদ্ধা ও ছালাম গ্ৰহণ কৰিব। নমস্কাৰ ছাৰ এই যে জানিব ছাৰ ,মই আজি আপোনাৰ ওচৰত কাতৰ আবেদন কৰিছোঁ আমাৰ অসমৰ কেইটা মান জলন্ত উদাহৰণ দাঙি ধৰিবলৈ আপোনাক বিচাৰি পত্ৰৰ যোগেদি জনাবলৈ অনুৰোধ কৰিছোঁ। আশা কৰিছো মনোযোগেৰে পঢ়িব । 

             ছাৰ আমাৰ অসমৰ সমস্যা সমাধান কৰিব লাগিব অসমৰ সকলো নাগৰিকে, প্ৰাথমিক শিক্ষা পৰা উচ্চতৰ শাখাৰ সকলো শিক্ষাৰ ক্ষেত্ৰত যাতে আমাৰ অসমখন আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি উঠি পৰি লাগিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভবিষ্যতৰ সম্পদ ,এই সম্পদ যাতে কোনো কাৰণতে নষ্ট হৈ যাব নোৱাৰে তাৰ বাবে সচেতন হৈ থাকিব লাগিব। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যাতে কোনো ধৰণৰ বেমেজালি দেখা নিদিয়ে তাৰ বাবে সৃষ্টি কৰ্তাৰ পৰা অনুমতি বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যাতে কোনোবাই ৰাজনীতি নকৰে ।পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় কাৰ গাফিলতি নে ধনৰ লেনদেন। অসম চৰকাৰক মই কাতৰ অনুৰোধ জনাওঁ যাতে এনে ধৰণৰ ঘটনা আমাৰ অসমত যাতে কোনো দিন শুনিবলৈ নাপাওঁ। মনৰ মাজত বহুত বেয়া লাগে। আমি আজি লজ্জিত, ছাত্ৰ ছাত্ৰীৰ সমুখত। আমি এজন স্বাধীন দেশৰ নাগৰিক হিচাপে পৰিচয় দাঙি ধৰিবলৈ ঘৃণা কৰিছোঁ । আজি মেট্ৰিকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল কলি হয়তো আৰু বহুতো কিবা কিবি হৈ যাব পাৰে। ফাদিল হুৱা প্ৰশ্নৰ উত্তৰ কৰি ছাত্ৰ ছাত্ৰীক জ্ঞান দিব নোৱাৰি। সিহঁতক আমি ডাক্তৰ, ইঞ্জিনিয়াৰ বনাব নোৱাৰী ।সিহঁতে জীৱনৰ প্রথম খোজ দিওতে অবৈধ বাবে খোজ দিয়া শিকিবলৈ লৈছে। সিহঁতে দেশৰ কাৰণে কি শিকিব নিজকে কেনেকৈ সৎ প্ৰচেষ্টাৰ দ্বাৰা পৰিচালিত কৰিব। আমাৰ শিক্ষা মন্ত্ৰী মহোদয়ে যাতে কথাখিনি গুৰুত্ব সহকাৰে লৈ বিহিত ব্যৱস্থা লয়, এনেকুৱা ঘটনা নঘটে তাৰ বাবে সচেতন ব্যৱস্থা গ্ৰহণ কৰে যেন।
" ধন্যবাদ শিক্ষা মন্ত্ৰী মহোদয় "
                                        


                       ইতি 
               আপোনাৰ বিশ্বাসী নাগৰিক 
                  ছেলিমা বেগম 
                  জিলা নগাঁও 
                  ডাকঘৰ বলিকটীয়া 
                  থানা জুৰীয়া 
                  গাঁও মেলেকাধিং 
                  পিন নম্বৰ ৭৮২১২২
                  তাৰিখ ২৩৷০৩৷২৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)