মুখাৰ আঁৰৰ মুখ-জেৰিফা বেগম

Rinku Rajowar
0
তুমি.......
তুমি নিৰাকাৰ কৰ্মৰম্ভৰ আঁৰত 
এক সাহসৰ গাঁঠা  !!
দূৰণিৰ বাঁহীতিও বাজি উঠে
তোমাৰ কথাৰ ৰাগিত !!
তোমাৰ স্নেহৰ নদীত আপ্যায়ন,
বিশ্বাসৰ জুপুৰিত প্ৰনায়াম
তোমাৰ মহিমা অপাৰ,
কিন্তু তোমাৰ কৰ্মৰ আঁৰত কি আছে ?
হাজাৰ থূপি তৰাৰ এটি জীয়া কাহিনী ?
নে বিশ্বাসৰ সিপাৰৰ এখনি জীয়া ছবি ?
সাগৰ গভীৰ চকুজুৰিয়ে নেদেখে
হয়টো এন্ধাৰে জানে
তোমাৰ সেই আপ্লুত ৰূপৰ কথা 
হয়টো সময়ে জানে 
তোমাৰ সেই আপ্লুত ধাৰণৰ কথা ।।
        
                ✍️জেৰিফা বেগম
                   ছিপাঝাৰ (মাৰৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)