আই অসমীৰ পুত্ৰ হৈ
গুপ্তকাশীৰভূমিত
উপজিলো ।
স্বদেশ স্বজাতিৰ ভাৱনাৰে
জননীক পূজিম বুলি
হাতত পাখি কলম ল'লো ।।
বিশাল মহাবাহুৰ
উত্তৰ পাৰৰ পৰা মই
মামনি বাইদেউক সুঁৱৰিলো ।
সুধাৰ সমাধিত বহি
কলমৰ ভাষাৰে
জনতাক প্ৰণাম জনালো ।।
লুইতকুঁৱৰী অনিমা
মহেন্দ্ৰ হাজৰিকা মহা মহিমে
পঢ়িলে মোৰ
কবিতাৰ ভাষা ।
হেঙদাঙ সদৃশ কলমৰ
এই নীৰলস সাধনা
সুদুৰ প্ৰসাৰী হোৱাৰ
কৰিলে আশা ।।
তাৰ বিপৰীতে মোৰ প্ৰতি
বিশ্বনাথৰ দুই এক হীনমতিৰ
মন কলুষিত হ'ল ।
মোৰ সাধনাৰ পদুলিত
প্ৰতাৰণাৰ জাল পাতি
হেঙাৰ হৈ থিয় দি ৰ'ল ।।
সেই বিয়াগোম হেঙাৰ ভাঙি
সাহসেৰে যাম যুঁজি
স্তব্ধ নহয় মোৰ লিখা ।
সু দৃঢ় আত্ম বিশ্বাস
ৰাখিছো মই হৃদয়ত
উজ্বলিব মোৰ
কলমৰ শিখা ।।
__________________________
বসন্ত ওজা । ২৮/০৫/২০২৩
__________________________
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ