অপেক্ষা -আব্দুল কাদেৰ মিঞা

©Admin
0
ভাল পাইছিলো কিমান তোমাক
কৰিলা অভিনয়
ভাঙি দি হৃদয় মোৰ 
কৰিলা পৰ।
কবলৈ আছে বহুত কিছু
কোৱাৰ উপায় নাই
আজিয়ে দিন শেষ নহয় 
এদিন আহিব মোৰো সময়।
আশাই আশাই আছিল বহি 
মোৰ এই মন 
ভাবিছিলো তাক মই
কিমান আপোন !
আপোন আজি পৰ হ'ল
নাপাওঁ তেওঁৰ দেখা
সকলো হেৰাই আজি
মই অকলশৰীয়া।
তোমাৰ স্মৃতিত ফুলবোৰ
সৰি পৰিছে 
বাগিচাখন আজি
শূণ্য হৈছে ।
তোমাৰ স্মৃতি মনত পৰিলে 
লাগে বিষন্নতা 
অচিনাকি কোনো দেশত 
তুমি গুচি গ'লা।
বতাহৰ লগত হেৰাই গ'লা
নাপাওঁ তোমাৰ দেখা
অপেক্ষা অন্ত পৰিল
উভতি নাহিলা ।

✍️আব্দুল কাদেৰ মিঞা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)