কিতাপৰ ক্ষেত্ৰত মানিবলগীয়া ৰীতি-
কেৱল খাদ্য খাই জীয়াই থকাই জীৱন নহয়। মনৰ খাদ্যৰো দৰকাৰ। সেই খাদ্য পূৰাই একমাত্র কিতাপে। ল’ৰা-ছোৱালীয়ে কিতাপ পঢ়িলে মাক-দেউতাকৰ আনন্দৰ সীমা নাথাকে। ইমানেই কিতাপৰ মূল্য। কিন্তু কিতাপ পঢ়িবলৈ কেৱল ভাল পালেই নহয়, কিনিলেই নহয়। কিতাপ যত্ন সহকাৰে ৰখাটোও এটা দৰকাৰী কথা। কামৰ দ্বাৰাই মানুহৰ পৰিচয় ফুটি উঠে। যেনে তেনে কিতাপবোৰ ৰাখিলে ৰুচিবোধৰ লগতে মানুহ চাৰিওফালৰ প্রতি কিমান যত্নশীল সেয়া সহজেই বোধগম্য হয়।
কিতাপ পঢ়াৰ সময়-
কিতাপ মনৰ প্ৰসাৰতা বঢ়োৱাৰ উপকৰণ। কিতাপ কেৱল ঘৰৰ শোভাবর্ধনৰ বাবে নহয়। কিতাপ মনপুতি পঢ়িবৰ বাবে। সকলো কামৰ পৰা আজৰি হৈ কিতাপ পঢ়া উচিত। কিতাপ আৰামেৰে বহি পঢ়িব লাগে। মনৰ মাজত দুখ-ক্ষোভ-সমস্যা লৈ কিতাপ পঢ়িব নালাগে। জীৱনৰ সকলো তুচ্ছ কথা পাহৰি কিতাপৰ বুকুত অৱগাহন কৰিলে জীৱনৰ আনন্দই হৈ পৰে সুকীয়া। সেই মূহুর্তৰ আনন্দ হয়তো একোৱেই দিব নোৱাৰে। তদুপৰি যাত্রাকালত, যাত্ৰাকালত গাড়ীলৈ অপেক্ষা কৰোতে, ডাক্তৰৰ চেম্বাৰত বহি থাকোতে এনেকুৱা অনেক ক্ষেত্ৰত কিতাপ লগৰী হ’ব পাৰে।
কিতাপৰ ক্ষেত্ৰত মানিবলগীয়া ৰীতি-
কিতাপ পঢ়োতে কিবা কামত উঠি যাবলগীয়া হ’লে বহুতৰে কিতাপৰ চুক এটা ভাঁজ কৰি থৈ যোৱাৰ অভ্যাস। তেনে কৰিলে ভাজবোৰ লৈ যায়, কিতাপখন দেখিবলৈ বেয়া হৈ পৰে। তাতকৈ পেইজ মার্কাৰ ব্যৱহাৰ কৰা উচিত।
বহুতে কিতাপৰ পাত লুটিয়াবলৈ থু ব্যৱহাৰ কৰে। ই যে কিমান বেয়া অভ্যাস। আনহাইজেনিকো। কিতাপৰ পাত এনেয়ে লুটিয়াব পাৰি।
কিতাপৰ ক্ষেত্ৰত জড়িত মানুহৰ কিমান যে বেয়া অভ্যাস আছে। সেইবোৰ আঁতৰাব পাৰিলেহে আমি সভা মানুহৰ তালিকাত পৰিম। বহুতে নিজৰ কামত লাগে বাবেই ঘপহকৈ কিতাপৰ পাত ছিঙি দিয়ে। এইদৰে পাত ছিঙি নিলে সেই কিতাপৰ আৰু মূল্য নাই। বেলেগ এজনে সেইখন কিতাপ পঢ়ি কি পাব। গতিকে এই কামটো কেতিয়াও কৰা উচিত নহয়।
ডাঙৰ আকাৰৰ কিতাপ পঢ়িব লগা হ’লে সাৱধানে পঢ়া উচিত। যাতে কিতাপৰ স্পাইন নষ্ট নহয়।
খাই থাকোতে কিতাপ পঢ়া একেবাৰেই অনুচিত। খোৱা বস্তু দাইল তৰকাই আদিৰ দাগ লাগি কিতাপৰ পাত নষ্ট হোৱাই স্বাভাবিক।
কিতাপ আধা পঢ়ি বহুতে ওলোটাই থৈ যায়। কিবা কামৰ বাবে। তেনেদৰেও কিতাপৰ বাইণ্ডিং নষ্ট হয়। পেইজ মার্ক ব্যৱহাৰ কৰাহে উচিত।
বহুতে কিতাপৰ মাজত ফুল থয়। ইয়াৰ দ্বাৰা কিতাপৰ পাতত ৰং লাগে। পোক-পৰুৱাও হয়।
গ্রন্থাগাৰৰ কিতাপৰ ক্ষেত্ৰত গন্থাগাৰত ডিছপ্লে কৰি ৰখা কিতাপ য’ৰ পৰা নি পঢ়িছিল পঢ়ি উঠি আগৰ ঠাইতে থ’ব।
ডাঙৰ আকাৰৰ কিতাপৰ কোনো পৃষ্ঠা জেৰক্স কৰা কঠিন। বেছি ফ্লেট কৰি দিলে কিতাপৰ বান্ধোন নষ্ট হৈ যায়। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা উচিত।
ঘৰলৈ নিয়া কিতাপ সময় মতে ঘূৰোৱা উচিত। ঘৰত ৰাখোতেও কিতাপ যাতে নষ্ট নহয়, নাফালে তাৰ বাবে সচেতন থকা উচিত। কেঁচুৱাৰ পৰা কিতাপ দূৰত ৰখা উচিত।
ব্যক্তিগত লাইব্ৰেৰীটো-
বিষয় অনুযায়ী কিতাপবোৰ সজাই ৰাখক।
সহজে কিতাপ বিচাৰি পোৱাৰ ব্যৱস্থা কৰিবলগীয়া হ’লে কিতাপত লেবেলিং বা টেন্স লগাই লওক।
ছাবজেক্ট অনুযায়ী লেবেল লগাই ল’লে বিচাৰি পাওঁতে অসুবিধা নহয়।
বান্ধোন ছিঙি গ’লে বাইণ্ডিঙৰ দোকানলৈ নি যিমান পাৰে সোনকালে কিতাপখন নকৈ বন্ধাই আনক।
কিতাপৰ আলমাৰি বা ৰেক পৰিষ্কাৰ হৈ থকাৰ প্ৰতি খেয়াল ৰাখক। নহ’লে ধূলি-বালি জমা হৈ কিতাপো নষ্ট হৈ যায়। আলমাৰি, ৰেক বা কিতাপৰ মাজত পোক-পতংগ নহ’বৰ বাবে চকু ৰাখিব।
নেপথলিনৰ গুড়ি, শুকান জলকীয়াৰ গুটি, নিমপাত আদি ৰাখিব।
বুক ছেলফৰ ধাৰণ ক্ষমতা অনুযায়ী কিতাপ ৰাখিব। হেঁচাহেঁচিকৈ কিতাপবোৰ থ’বলৈ নাযাব।
বুক ছেলফৰ পৰা কিতাপ এখন বাহিৰ কৰাৰ সময়ত গোটেই স্পাইনটো ধৰিহে বাহিৰ কৰিব লাগে। তেতিয়াহে কিতাপ ভালে থাকে। যেনেতেনে য’তে ত’তে ধৰি কিতাপ টানিলে কিতাপ নষ্ট হৈ পৰিব।
কিতাপ কিনাৰ পাছত
কিতাপ কিনি বহুতে নপঢ়াকৈ থৈ দিয়া দেখা যায়। পঢ়াৰ মন এটা ৰাখিলে পঢ়া হ’বই। সেই মনটো গঢ়ি তোলক। কিতাপ পঢ়াৰ আনন্দ লওক।
কিতাপ যত্নেৰে ৰাখক। নিজৰ কিতাপসূহ কিনাৰ দৰেই অক্ষৰ-সুন্দৰ হৈ থাকিলে নিজৰ নিজৰ মনটোৱেই ভাল লাগে।
প্রিয় লেখকৰ কিতাপখন কিনিবলৈ হেলা নকৰিব।
কিতাপৰ মোল নোবোজা মানুহক কিতাপ ধাৰলৈ নিদিব।
প্রিয় বন্ধু-বান্ধৱীক বা কিতাপ পঢ়িবলৈ ভাল পোৱা লোকক কিতাপ উপহাৰ দিয়ক।
বিয়া-বাৰুত আজিকালি কিতাপ উপহাৰ দিয়া দেখা নাযায়। আপুনিয়েই দিয়কচোন এখন মূল্যৱান কিতাপ বিয়াৰ উপহাৰস্বৰূপে। আইনাৰ গিলাছ বা বাউলটোতকৈ কিতাপ বহু বহু মূল্যৱান।
✍️আব্দুল হাদী শেখ
সাংবাদিক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক
ঠিকনা :- শিমুলটাপু, কোকৰাঝাৰ।
ভ্ৰাম্যভাষ ৭০০২৮২৭৬৮৮
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ