বৃদ্ধাশ্ৰমবোৰেও দুখ কৰে -মানস প্ৰতীম মালী

Rinku Rajowar
0
বৃদ্ধাশ্ৰম , বৃদ্ধ / বয়সীয়া মানুহৰ আশ্ৰম ।
" আজি তাৰ বাপেকক বৃদ্ধাশ্ৰমত থৈ আহিলে ,  তিনিওটা লৰাই চাকৰি কৰা পাছতো আজি সিহতৰ মাকক বৃদ্ধাশ্ৰমত থব লগা হল । "
এই কথাবোৰ শুনি এনেকুৱা লাগে যে এই বৃদ্ধাশ্ৰম শব্দটোকেই নাইকিয়া কৰিব পৰা হ'লে ভাল আছিল ।
            কিয় , কি প্ৰয়োজন নিজৰ মাক বাপেকক বৃদ্ধাশ্ৰমত থোৱাৰ ?
জীৱশ্ৰেষ্ঠ মানুহৰ এনে কৰ্ম , অথচ চৰাই চিৰিকটি , জীৱ জন্তুয়েও নিজৰ মাক বাপেকৰ লগত একেলগে থাকে , যাক কোৱা হয় "পৰিয়াল" বুলি ।
           মাক দেউতাকে তেওঁলোকৰ লৰা ছোৱালীক  জন্ম দি সৰুৰেপৰাই অনেক কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ উদ্দেশ্যে / লক্ষ্য কি , নে মাক দেউতাকে তেওঁলোকৰ লৰাক মাত্ৰ তেওঁলোকৰ মৃত্যুৰ দিনাখন চিতাত জুই দিবৰ বাবে ডাঙৰ দীঘল কৰে ? 
            হয়তো বহু মানুহে বেয়া পাব , কিন্তু বেয়া পালেও এইটোৱেই সচা যে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা লৰাজন কেতিয়াও প্ৰকৃত মানুহ হব নোৱাৰে । মানুহ জীৱশ্ৰেষ্ট প্ৰাণী কিন্তু কিছুমান মানুহৰ কিছুমান কৰ্মই তেওঁলোকক অমানুহ কৰি তোলে । 
              তেতিয়া চাগে বৃদ্ধাশ্ৰমবোৰেও দুখ কৰে , যেতিয়া বছৰ বছৰ ধৰি বৃদ্ধাশ্ৰমত থকা মানুহ এজনৰ মৃত্যু হয় । 
তেতিয়া চাগে বৃদ্ধাশ্ৰমবোৰেও দুখ কৰে , যেতিয়া সমাজত আকৌ মাক দেউতাকৰ মূল্য নুবুজা অমানুহৰ জন্ম হয় , আৰু এনেকুৱা ল'ৰাৰ মাক দেউতাকৰ শেষ আশ্ৰয় বৃদ্ধাশ্ৰম হয় ।
              ডাঙৰ ডাঙৰ ঘৰ , দামী গাড়ী , অজস্ৰ   টকা পইচা থাকিলেই আপুনি আপোনাৰ মনত ধনী , কিন্তু প্ৰকৃততে নিজৰ পৰিয়ালৰ লগত একেলগে সুখে দুখে হাহি ধেমালিৰে জীৱন পাৰ কৰা মানুহজনহে প্ৰকৃত ধনী , তেওঁৰ লগত মৰম , ভালপোৱা থাকে যাক কোনেও কৌটি কৌটি টকাৰেও কিনিব নোৱাৰি ।
            যিজন মানুহ যেনেকুৱা , তেওঁ তেনেকুৱা হৈয়েই থাকিব , এটা সাধৰণ লেখাৰে বেয়া মনৰ মানুহ এজনক চাগে শুধৰাৱ নোৱাৰিম , তথাপিও মোৰ চেষ্টা আৰু অকণমান বিশ্বাস , কোনোদিনে কোনো মানুহৰ পৰিয়ালতেই বৃদ্ধাশ্ৰমৰ প্ৰয়োজন নহওক , কোনো ল'ৰা বা ছোৱালীয়ে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱাৰ মানসিকতা ভগৱানে নিদিয়ক ।
        যেতিয়াই কোনো লৰা ছোৱালীয়ে নিজৰ নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱাৰ কথাই নাভাবিব   তেতিয়াই বৃদ্ধাশ্ৰমবোৰেও দুখ কৰিব নালাগিব ।


◾মানস প্ৰতীম মালী ,
ঠিকনা :- বৰিহাট , মিৰ্জা ,
ফোন :- ৬০০০৮৩৯৫১৮ .
কলেজ :- পশ্চিম গুৱাহাটী মহাবিদ্যালয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)