ঔবাইতৰি-জাপানীজ সকলৰ সৈতে কাম কৰাৰ আনন্দ | চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
ঔবাইতৰি হৈছে জাপানীজ কান্জি প্ৰবচন।  বসন্ত ঋতুত জাপানৰচৌদিশে চেৰী, প্লাম, এপ্ৰিকোট আৰু নৰাবগৰী ফুলি জাতিস্কাৰ হৈ উঠে । ঋতু মতে ফুল ফুলে ঠিক একেদৰেই প্ৰত্যেকজন ব্যক্তিয়ে  নিজৰ জীৱনটোত নিৰ্দিষ্ট এক কক্ষপথৰে পৰিভ্ৰমণ কৰে ।

কালি  সুদীৰ্ঘ বাইশ বছৰৰ কৰ্ম জীৱনৰ পাছত লাভ কৰা প্ৰথম পদোন্নতিৰ পত্রখন ওপৰৱালা বিষয়া জনৰ পৰা হাতত তুলি লৈ বাৰুকৈয়েই মোৰ স্বৰ্গবাসী মা আৰু দেউতালৈ মনত পৰিছিল। পাঁচজনী বাইদেউ, একমাত্ৰ দাদা আৰু অকালতে মৃত্যুক সাৱটি লোৱা খুড়াৰ তিনিজন লৰাৰ সৈতে জীৱন নিৰ্বাহ কৰা আমাৰ নিম্ন মধ্যবিত্ত পৰিয়ালটোৰ গুৰি ধৰোঁতা  এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেউতাই সৰুৰেপৰাই আমাক কৰ্ম মুখী হ'বলৈ উদগনি দিছিল। অভাৱ মানে কি শৈশৱতে উপলব্ধি কৰিছিলো বাবেই নেকি অভাৱগ্ৰস্ত জীৱনৰ আশংকাত কাম বুলিলেই আগ্ৰহৰে সকলোবোৰ প্ৰত্যাহ্বানৰ সন্মূখীন হ'বলৈ মনটোক সাজু কৰি তুলিছিলো। ২০০০ বৰ্ষ তমেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লৈয়েই বহি নেথাকি বেলতলা চাৰি আলিৰ কামৰূপ কনষ্ট্ৰাকছন প্ৰতিষ্ঠানটোত মাহিলি দুইহেজাৰ টকাৰ বেতন লৈ কৰ্মজীৱনৰ পাতনি মেলিছিলো।  তাৰ পাছত দুই বছৰ ধৰি তাত কাম কৰাৰ পাছত পান বজাৰৰ প্ৰটেকচন ইন্জিনীয়াৰ্চ নামৰ জেচিবি কোম্পানীৰ ডীলাৰটোত মাহিলি পাঁচহাজাৰ টকাৰ বেতন লৈ কাম কৰাৰ সুবিধা পাই গ'লো । ইতিমধ্যেই লগৰ বহু সংখ্যক সহপাঠীয়ে ভাল ভাল চৰকাৰী-বেচৰকাৰী ভাল ভাল বিভাগ, অনুষ্ঠান প্ৰতিষ্ঠানত কামত মকৰল হোৱা দেখি লাহে লাহে হীনমন্যতাত ভুগিব ধৰিছিলো।  হীনমন্যতাৰ পৰা নিজকে লুকুৱাই ৰাখিবলৈ সচৰাচৰ এজন যুৱকে মদ্যপানৰ আশ্ৰয়  লয়। নেৰিষ্টত পঢ়িবলৈ যোৱাৰ পাছত ঘৰৰ কটকটীয়া বান্ধোনৰ পৰা মুকলি হৈ এৰাল চিগা  গৰুৰ দৰে মদ, ভাঙ আৰু চিগাৰেট সেৱন তমোগুন বৰ্ধক বস্ত গ্ৰহণ কৰিব ধৰিছিলো । গতিকে হীনমন্যতাক নিশেষ কৰাৰ উপাই নিবিচাৰি এই তমোগুণী দ্ৰৱ্য নিজৰ মনোৱস্থাক লুকুৱাবলৈ চেষ্টা কৰিছিল। কিন্ত তেতিয়াও কৰ্মৰ প্ৰতি আগ্ৰহ ম্লান পৰিব দিয়া নাছিলোঁ। মোৰ দেউতাই কেনেবাকৈ  মোৰ সেই মনোৱস্থাৰ সম্ভেদ পাইছিল।  সেয়েহে এদিন লগৰ কেইজন মানে ইঞ্জিনিয়াৰ স্নাতক লোৱাৰ পাছত দিল্লী আৰু মুম্বাইত লৈ গৈ বাহৰ পাতি থাকি কেনেদৰে ভাল ভাল প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ল কৈ থকাৰ মাজত দেউতাই মোৰ মুৰত হাত বুলাই কৈছিল,  "পিতাই ইমান বিহুতি বিবান নহ'বাচোন। নিষ্ঠাৰে  নিজৰ কাম কৰি যোৱাচোন ফল পাবা নহয় সময়ত।  দেউতাৰ কথাকে সাৰোগত কৰি কামেই সফলতাৰ জখলা বুলি আগবাঢ়ি যাবলৈ মন বান্ধিছিলো ।  ২০০৩ বৰ্ষত এদিন এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হৈ নিজৰ জীৱনটোক নিজ গুৰি ধৰিবৈ লাগিব বুলি মনতে সংকল্প লৈ সিদিনাখনেই মাছ,মাংস, মদ,ভাঙ আৰু চিগাৰেট সেৱন পৰিত্যাগো কৰি পেলাইছিলোঁ। ২০০৪ চনৰ এপ্ৰিল মাহত আমেৰিকাৰ ইংগাৰচল ৰেন্ড নামৰ বহুজাতিক প্ৰতিষ্ঠানটোত যোগদান কৰাৰ পাছতে মোৰ কৰ্মজীৱনৰ সুতি সলনি হৈ গৈছিল।  ইংগাৰচল ৰেন্ড নামৰ কোম্পানীটোত তিনি বছৰ ধৰি কাম কৰাৰ পাছত পৰবৰ্তী ওঠৰ বছৰত ছুইডেনৰ ভল্ভো, ইংলেণ্ডৰ জেচিবি আৰু বৰ্তমানে কৰ্মৰত জাপানৰ কোবেল্কো নামৰ বহুজাতিক প্ৰতিষ্ঠান কেইটাত কাম কৰাৰ সুবিধা পালো।  ভাৰতৰ আটাই কেইখন ৰাজ্যৰ লগতে ইউৰোপ, মধ্য আৰু দক্ষিণ পূব এছিয়া মহাদেশৰ মুঠতে চৈধ্যখন দেশ ভ্ৰমণ কৰাৰ সুবিধা পালোঁ । তথাপিও মই সুখী হ'ব পৰা নাছিলো। কিয়নো নিজৰ দক্ষতাৰ বাবে কেইবা বাৰো প্ৰতিষ্ঠান সমূহৰ পৰা সন্মান আৰু বটা লাভ কৰিছিলোঁ যদিও ইমান বছৰ সম্পূৰ্ণ  এক নিষ্ঠৰে কাম কৰাৰ পাছতো মই পদোন্নতি লাভ কৰা নাছিলোঁ।  ইয়াৰ বাবে কাকো মই জগৰীয়া কৰিব নিবিছাৰো কাৰণ সেইয়াও মোৰ কৰ্ম ফল বুলিয়েই ভাবি নিজৰ মনটোক সেমেকি পৰিব দিয়া নাছিলোঁ ।

সেইয়া ২০১২ চনৰ কথা হ'ব । মই তেতিয়া কৰ্ম সূত্ৰে কলিকতাত আছিলো । সেই বছৰ কোম্পানীৰ ফালৰ পৰা সেই বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ কৰ্মী বঁটা প্ৰদান কৰা হৈছিল। তাৰে কেইদিনমানৰ পাছতে ওপৰৱালা বিষয়াজনে ফোন যোগে পদোন্নতি হোৱাৰ  অগ্ৰিম শুভেচ্ছা যাঁচি ভালদৰে কাম কৰি আগুৱাই যাবলৈ উদ্বুদ্ধ কৰিছিল।  পাছে দূৰ্ভাগ্যবশতঃ মোৰ পদোন্নতিৰ পত্রখনহে নাহিল।  হতাশা নহ'লো সেয়াও নিজৰে কৰ্ম ফল বুলি ধৰি লৈ আন এটা কোম্পানীত এধাপ ওপৰৰ পদবীত যোগদান কৰিলোঁ।  ইয়াৰ পৰৱৰ্তীকালত দহবছৰত পুনৰ দুবাৰকৈ বছৰটোৰ শ্ৰেষ্ঠ কৰ্মীৰ বঁটা  পাইছিলো যদিও পদোন্নতি লাভ কৰিছিল আন কোনোবাইহে।  সেয়েহে ময়ো শ্ৰেষ্ঠ কৰ্মীৰ বঁটা গ্ৰহণ কৰিয়েই সেই প্ৰতিষ্ঠান কেইটাৰ পৰা বিদায় লৈ এখোপ উচ্চ পদবী আৰু বেতন গ্ৰহণ কৰি আন প্ৰতিষ্ঠানত যোগদান কৰিছিলোঁ। 
২০২০  চনত কৰোনা মহামাৰীৰ সময়তে জাপানৰ কোবেল্কো নামৰ বহুজাতিক প্ৰতিষ্ঠানটোত অংশগ্ৰহণ কৰাৰ তিনি বছৰ পাছতেই য অকল্পনীয় ভাৱে কালি পদোন্নতিৰ পত্রখন লাভ কৰিম বুলি ভবাই নাছিলো । মোৰ পূৰ্বৰ ওপৰৱালা বিষয়া কেনচুকে হাৰিকিৰ পদবীত নতুনকৈ যোগদান কৰা জেন ট্চুগুৱা ই প্ৰদান কৰা পদোন্নতিৰ পত্রখন পঢ়ি সচাঁকৈয়েই ক্ষন্তেক সময়ৰ বাব হতচকিত হৈ পৰিছিলোঁ । তেওঁক মই আন্তৰিকতাৰে ধন্যবাদ জনোৱাৰ লগে লগে তেওঁ যিশাৰী উত্তৰ দিলে সেই শাৰী শুনিলে চাগে আপুনিও বিচুৰ্তি খাব।  তেওঁ মোক নম্ৰ ভাবে কৈছিল,   চুমিন্দ্ৰ চান আপুনি নিজক ধন্যবাদ দিয়ক,  নিজৰ ঘৰখন আৰু আপোনাৰ কামত সহায় কৰা সহকৰ্মী সকলক ধন্যবাদ দিয়ক।  আপোনাৰ সাফল্যত তেওঁলোকৰ অৱদান বহুত।  

জেন ট্চুগুৱা চানৰ কথাখিনি শুনি কিছুদিনৰ আগতে জাপানলৈ উভতি যোৱা মোৰ ওপৰৱালা বিষয়া হাৰিকি চানে উভতনি যাত্ৰাৰ বিমানৰ পৰা পঠোৱা এটা ওৱাটচাপ মেছেজলৈ মনত পৰি গৈছিল । আপুনি ইমান কম বয়সত কেনেদৰে  বিশ্বায়ন দায়িত্বৰ পদবী লাভ কৰিবলৈ সক্ষম হ'ল জনাবছোন বুলি সোধা মোৰ প্ৰশ্নৰ উত্তৰত লিখিছিল- চুমিন্দ্ৰ চান আপুনি যদি পৰবৰ্তী পদলৈ উন্নীত হ'বলৈ বিচাৰে তেন্তে আপুনি মাত্ৰ চেষ্টা কৰক আপোনাৰ সৈতে কাম কৰা সহকৰ্মী সকলৰ পদোন্নতি আৰু মংগলৰ কথা।আপোনাৰ দায়িত্ব আপোনাৰ কোম্পানীয়ে ল'ব । আপুনি এজন ভাল লীডাৰ।  
 আচলতে মোৰ পদোন্নতি সিদিনাখনেই ঘটিছিল বুলি কালিহে বুজ পালো।  

বি: দ্ৰ: আজি নতুন দিল্লীৰ পৰা কলিকতা অভিমুখী বিমানত বহি বহি লিখি যুগুতালোঁ ।


◾চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা,
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)