অচিন চিনাকী-মানস জান শইকীয়া

Rinku Rajowar
0
সেই সময়চোৱা তোমাৰ মনত পৰেনে?
তুমি মই যে চিনাকী হৈছিলোঁ,
তোমাক মই হাই বুলি কওঁতে 
তুমি মোক হেল্লৌ বুলি কৈছিলা।
তেতিয়া এনে লাগিছিল যে 
আমি বহুত দিনৰ পৰাই চিনাকী আছিলোঁ।
হঠাৎ মোৰ শৰীৰত কাৰেণ্টে শ্বৰ্ট মৰাদি মাৰিছিল
এনে লাগিছিল আমি যে একেটি মুদ্ৰাৰ ইপিঠি সিপিঠি,
জানিব মন গৈছিল তোমাৰ বিষয়ে 
সেয়ে এদিন এদিনকৈ সকলো বিলাক জানি জানি
আমি হৈ পৰিছিলো অচিনৰ পৰা চিনাকী।
নাজানো সময়বোৰ এনেদৰে পাৰ হোৱাৰ পিছতে
তোমাক আপোন আপোন লগা হৈছিল,
সেয়ে চাগে মনৰ মাজৰ প্ৰেমৰ বাগিচাখনিত
তুমি নামৰ ফুলপাহ ফুলি উঠিছিল।
অসীম সাহসেৰে এবুকু আশা লৈ
তোমাক দিছিলো প্ৰেমৰ প্ৰস্তাব,
চিৰদিন নিজৰ কৰি ৰাখিম বুলি
দিছিলো তোমাক গভীৰ আশ্বাস।
তুমিও সদায় ভালপোৱাৰ প্ৰতিজ্ঞা দিছিলা 
সদায় মোৰে হ'ম বুলি কৰিছিলা পণ
কিন্তু আজিচোন সেয়া হেৰাই গৈছে
এনে লাগিছে আমিযেন চিনাকী হৈও অচিন
হৃদয়খন দুখৰ অশ্ৰুৰে ভৰি পৰিছে
হেৰাই গৈছে যেন  প্ৰেমৰ ৰং।
                    
◾মানস জান শইকীয়া
 ৰঙামাটি চেউনী গাঁও ,বাদুলিপাৰ, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)