তুমি ভাল পাওঁ বুলি কলে -মামণি বৰঠাকুৰ

©Admin
0
তুমি ভাল পাওঁ বুলি কলে 
হৃদয়ত সূৰুযমূখীয়ে পাহি মেলে,
উৰুঙা মন পথাৰত
বৰ্ষাৰ প্লাৱন নামে
তুমিয়েইটো মোৰ
হেপাঁহৰ,আশাৰ ধন
ৰৌদ্ৰোজ্বল পথত বিৰিষৰ ছাঁ
প্ৰেমৰ পবিত্ৰতাৰ চানেকি
স্বাৰ্থ,হিচাব,নিকাচৰ উৰ্ধত
নি:সংগ সময়ৰ সখী
কায়াহীন এটি চায়া মানস পটত
মানৱতা তোমাতেই বিদ্যমান
সৰগী প্ৰেমৰ গাওঁ জয়গান
তুমি ভাল পাওঁ বুলি ক'লে
হাজাৰ জোনাকীয়ে হৃদয়ত সভা পাতে।
হিয়াৰ ফুলনিৰ ৰক্তজবাই মিচিকিয়াই হাঁহে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)