মা-অনিন্দিতা খনিকৰ হাজৰিকা

Rinku Rajowar
0
মই অসুখত ভোগা 
আজি দুদিনেই হ'ল,
এনেবোৰ সময়ত
তোলৈ বৰকৈ মনত পৰে ।
মা,
তই কাষত থকা হ'লে
কপালত হাত ফুৰাই ক'লিহেতেন....
"শুই থাক মাজনী
এতিয়া আৰু চিন্তা নাই
মই আছো" ।
এচৰিয়া নিমখ দিয়া 
কুহুমীয়া পানী
যতাই দি ক'লিহেঁতেন
"ভৰি কেইটা পানীত জুবুৰিয়াই থ
সাধাৰণ জ্বৰহে ভাল হ'ব" ।
সানি দিলিহেঁতেন নহৰু দিয়া
গৰম মিঠাতেলৰ প্ৰলেপ..
ভৰি, হাতৰ তলোৱাত,পিঠিত ।
আহ ! কি যে আমেজ,
বাৰে বাৰে জ্বৰত পৰিবলৈ মন যোৱা ।
তাহানিখন..........
মোক শুবলৈ দি তই যে 
কাষতে বহি সাৰে থাকিছিলি,
মাজৰাতি কপালত হাত দি
জানো পাই...
কিনো ভোৰভোৰাইছিলি !
মই আজিও অনুভৱ কৰো
তোৰ খহটা হাতৰ কোমল পৰশ ।

✍️অনিন্দিতা খনিকৰ হাজৰিকা 
বৰদলৈ নগৰ, তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)