ভাৰতবৰ্ষ আমাৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ -ছেলিমা বেগম

©Admin
0
ভাৰত আমাৰ জন্মভূমি স্বদেশ আমাৰ গৌৰৱ, 
ভাৰত আমাৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ 
জাতি ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো
 ভাৰতীয়ৰ নাগৰিক একে লগে 
থাকো আমি একতাৰ বান্ধোনত। 
অহিংসাই পৰম ধৰ্ম দিছিল বাণী 
জাতিৰ পিতা মহাত্মা গান্ধী। 
নানা জাতি উপজাতি মিলা
প্ৰীতিৰে থাকিম আমি মিলি জুলি, 
হিন্দু, মুছলিম, খ্ৰীষ্টান শিখ, বৌদ্ধধৰ্ম 
আছে আমাৰ ভাৰতবৰ্ষত এনাজৰীৰে
বান্ধ খাই ধৰ্ম নিৰ্বিশেষে আমাৰ পৰিচয়। 
বিভিন্ন জাতিৰ সাজ পোছাক আছে তাকে 
পিন্ধি সংস্কৃতি, কলা কৃষ্টি বজাই ৰাখিম। 
ভাৰতৰ মাটিত বাস কৰি থাকিম আমি 
এছিয়া মহাদেশৰ উন্নতিৰ কথা চিন্তা কৰি। 
আহা আহা ভাৰতবাসী একে লগে গাই যাম 
ৰাষ্ট্ৰীয় সংগীত জন গণ মন অধিনায়ক -----

✍️ছেলিমা বেগম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)