বসন্তত প্ৰকৃতিৰ বিনন্দীয়াৰ এটি ৰূপ-নৱজিৎ নাথ

Rinku Rajowar
0
কাকডোঙাৰ দাঁতিৰ পাৰত
এতিয়া মাথোঁ কেৱল,
এখনি ফুলৰে বৰ্নিল মেলা।
যেনিয়েই চাও, চৌদিশে ফুলে ফুল ।
 আলসুৱা এটি মিচিকিয়া হাঁহিৰে
সোনাৰু ফুলে মাৰিলে এটি হালধীয়া 
এটি মিচিকিয়া ৰঙৰ সুমধুৰ হাঁহি।

তাকে দেখি সেই
দূৰৰ পথাৰৰ দাঁতিত
ব'হাগৰ বৰদৈচিলা বিননিত
হালি জালি নাচি থকা কৃষ্ণচূড়া জোপাই
মন আনন্দত থাকিব নোৱাৰে মাৰিলে,
 এটি মিচিকিয়া ৰঙা ৰঙৰ মিঠা হাঁহি।

আউলি বাউলিৰে
এহেজাৰ জনতাক
হাত -বাউলেৰে মতা সেই ৰাধাচূড়াৰ 
এটি গোলপীয়া গোলপীয়া ৰঙৰ হাঁহিত।
এজাৰৰ ফুলৰ এহেজাৰ ৰঙৰ হাঁহিত
মনৰ অগভীৰ বেজাৰ বুকুতে সামৰিলো।

বসন্তৰ আগমনৰ বতৰত 
গছ বিৰিখৰ ন কুঁহিপাতৰ আঁৰত,
নাচনীৰ খোপাৰ মাজত কপৌফুল
নাহৰ,তগৰ, আৰু কুঞ্জমালতীৰ সুগন্ধত। 
কুলি চৰাইৰ মিঠা সুৰৰ অনুৰণত ।
চৌদিশে সেউজীয়া সেউজীয়া ৰঙৰ
এখন বিশাল পৃথিৱীৰ আৱৰণ মাথোঁ।।


◾নৱজিৎ নাথ
ছিপাঝাৰ ,দৰং..

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)