বুজিও নুবুজা কিয় -ৰুম্পী দাস

Rinku Rajowar
0
বুজিও নুবুজা কিয় 
মোৰ অনুভূতিৰ কথা ?
প্ৰকাশ নকৰোঁ ,
আবেগৰ আশা ।
সপোনত দেখা
তুমিয়েনে প্ৰিয় মোৰ 
কোৱানা এবাৰ ?
বাহিৰত বহিলে 
কঁপি উঠে মোৰ স্নিগ্ধ দেহ ,
স্নিগ্ধ বতাহৰ পৰশে ।
অশান্ত মন-প্ৰাণ 
তোমাৰ অপেক্ষাত ব্যাকুল ,
মই শান্ত পক্ষীজনীৰ ।
চাবলৈ মন যায় ,
তোমাৰ মাজতেই 
সতেজ মোৰ হৃদয়খনি ।

✍🏻ৰুম্পী দাস                        
    ভালুকমাৰী   
   ৰাণীপুখুৰী , হোজাই 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)