Osteoarthritis ৰোগত ভুগি থকা মনিষাই ওৰে জীৱন ঘৰ-সংসাৰ চলোৱাৰ কথা, ল'ৰা-ছোৱালীৰ কথা চিন্তা কৰোতেই অৱশেষত গিৰিয়েকৰো আকস্মিক দূৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰাতো অকলেই কাম-কাজৰ পৰা সকলো দ্বায়িত্ব ল'ব লগাত পৰিছিল।কৰ্মত নিয়োজিত নহওতেই ল,'ৰা ছোৱালী কেইটাৰ কথাও চম্ভালি ল'ব লগা হৈছিল । দুজন ল'ৰাক বিয়া বাৰু কৰাই দিলে আৰু এদিন ডাঙৰ দুটাই বেলেগকৈ খাবলৈ লোৱাত মনিষাই মনত বহুত কষ্ট পালে আৰু কষ্ট কৰি হ'লেও সৰু ল'ৰা জিন্তুক
ভাত কেইটা ৰান্ধি খুৱাই আছিল।Apsc পঢ়ি পাছ কৰি অহা জিন্তু এজনী নীচজাতিৰ ছোৱালীৰ লগত প্ৰেমত পৰিবলৈ লয় আৰু ছোৱালীৰ ঘৰৰ পৰা দুয়োকে মনিষাই নজনাকৈ court marriage কৰি দিয়ে। মাকৰ একেবাৰে
ছোৱালী জনী অপচন্দ আছিল যদিও ল'ৰাৰ বান্ধত ভালকৈ বিয়া পাতি দিবলৈ বাধ্য হয়।বিয়া পতাৰ একমাহ নহ ওতেই দুয়ো এটা ফ্লেট লৈ মাকক এৰি থৈ গুচি যায়। মাকৰ মনৰ আশা মনতে ভঙ্গ হোৱাতো বাদেই high Blood pressure, আৰু Sugar টোও বাঢ়ি আহিব ধৰিলে।ডাঙৰ নাতিটোৱে শুই থকা আইতাকক চিঞৰি চিঞৰি মাতোটে চকু মেলি এবাৰ চাই হাতখন মেলি তাক সাৱটি লৈ আকৌ চকু মুদি দিলে।ৰন্তুৱে আকৌ আইতা আইতা কৰি চিঞৰি কান্দিব ধৰিলে।
✍️ৰুণু দেৱী শৰ্মা।
গুৱাহাটী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ