তুমি চেৰাপুঞ্জীৰ পাহাৰৰ দৰে সেউজীয়া-তৃষ্ণা কুৰ্মী

Rinku Rajowar
0
স্বাৰ্থপৰতাৰে ভৰা চৌপাশ;
পূৰ্ণ হৈও সকলো মানুহ শূন্য হৈ থাকে 
একোকে দিব নোৱাৰাকৈ। 
আৰু তুমি শূন্য হৈও পূৰ্ণ হৈ থাকা, 
 দুহাত মেলি  সকলোবোৰ  বিলাব পৰাকৈ, 
ইমান উদাৰতা ? 

মোৰ সপোনবোৰ 
তোমাৰ দুচকুত সাৰে থাকে, 
সেই কথা এবাৰো নকলা! 
মোৰ বাবে এখন আকাশ গঢ়ি তুলিলা,  
জানো তুমি কৃতজ্ঞতাও নিবিচাৰিবা! 
ইমান সৰলতা? 

 কিন্তু কি জানা? 
সেইবাবেই তুমি চেৰাপুঞ্জীৰ পাহাৰৰ দৰে সেউজীয়া, 
আৰু... 
সেউজীয়া মোৰ ভালপোৱা। 
তুমি ৰামধেনু উপহাৰ দিয়া, 
মই বাছি লওঁ ঘননীলা। 
প্ৰহেলিকা হৈ থাকক দিয়া সকলো কথা ! 

🖋️তৃষ্ণা কুৰ্মী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)