জাগ্ হে চাহ মজদুৰ জাগ্-সনাতন তাছা

Rinku Rajowar
0
জাগ্ হে চাহ মজদুৰ জাগ্।
এই অন্ধকাৰ বিশ্ব গহ্বৰত
কিমান দিন থাকিবি শুই?
তহঁতো দেখুন মানুহ তেজ মঙহৰ,
অজ্ঞানতাৰ শিকলি চিঙি
নাই জানো সপোন স্বাধীন হোৱাৰ?
তহঁতৰ উত্তমপুৰুষক চাহ বাগিছাত ,
বন্ধকত থৈ যোৱাৰ হেঁপাহ  
কিয় ইমান দুৰ্বাৰ ?
অতদিনে  পূৰ্বপুৰুষে গঢ়ি দিছে
কত বৃহৎ চাহ উদ্যোগ,নগৰ,চহৰ
আৰু কতনো সুন্দৰ সুন্দৰ অট্টালিকা ।
 তথাপিতো তহঁতৰ নাম জানো 
লিপিবদ্ধ হৈ আছে বুৰঞ্জীৰ পাতত?
জাগ্ হে চাহমজদুৰ জাগ্।
তহঁতৰ কেঁচা ঘাম মাটিত পেলাই,
তেজক পানী ,হাড়ক মাটি কৰি,
গঢ়ি দিছ' কত শত শত চাহ উদ্যোগ।
জাগ্ হে চাহ মজদুৰ জাগ্।
নালাগে নাম-যশ ,কৃতি অপাৰ,
ম্লান হওঁক দমন নীতিৰ, শোষণ নীতিৰ,
জাগ্ৰত হওঁক শিক্ষিত উত্তমপুৰুষৰ
 যিয়ে বাট দেখুৱাব
 এক নতুন সুৰুযৰ,
এক নতুন সমাজৰ।

✍️শ্ৰী সনাতন তাছা
চাংছোৱা চাহ বাগিছা
যোৰহাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)