শান্তি বিচাৰি- এহিয়া আহমেদ

©Admin
0
বিষন্নতাত জৰ্জৰিত মোৰ মন,
বিচাৰো নিৰিবিলি
কোলাহলমুক্ত এটি স্থান।
য'ত নাই কোনো জনমানৱৰ
হিংসাত্মক পাশাখেল,
উদ্বিগ্ন হোৱাৰ নাই কোনো কাৰণ।
আছে মাথোঁ চৰাই-চিৰিকতিৰ কলৰব,
পাৰভঙা নদীৰ খৰস্ৰোতাৰ শব্দ,
সূৰ্য্যাস্ত যোৱাৰ এটি মাধূৰ্য্যপূৰ্ণ দৃশ্য।
থাকিম মই তাতে ৰৈ,
শান্তিৰে লম এটি উশাহ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)