তোমাৰ উমাল কবিতা
সাৰ পাই উঠো
কুলিৰ মাতত
এইয়া বসন্তকাল
পুৱাৰ সুৰুযৰ ৰাঙলী আভাই
মোলৈ লৈ আহে
দেশৰ প্ৰতিজন বন্ধুৰ খবৰ
বেলিটো উভতাৰ পথত ৰাঙলী আভাৰ নিৰ্মল এজাক জোনাক
তেতিয়া সন্ধ্যা নামে
এটি দুটিকৈ সৰি পৰা সৰাপাতত
মোৰ কবিতাবোৰে
উচুপি উঠে
তোমাৰ প্ৰেমৰ সংজ্ঞা বিচাৰি
তুমি বৰ অভিমানী
নুবুজা প্ৰেমৰ পৰিভাষা
হৃদয় বিছিন্ন কৰি
আৱেগত উটি ফুৰা
যাযাবৰী নিশাৰ
এজাক ধুমুহা।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ