আহি মুধচ্ পালিহি ।
তৰাফুল চোৱা মোৰ উৰুখা চালখন..........
এইবাৰ ঢাকিব নোৱাৰিলোঁ অ !!
সেউজীৰ গৰ্ব ভাঙিলি .........কাঢ়িলি
নেকাঢ়িবি দেই মোৰ আটোম টোকাৰী
সৰগীয়া মঞ্চ ।
তইতো জান ... মাদলৰ চেঁৱত যেতিয়া
বিজুলী নাচে.....
উৰুলি যোৱা কেঠাখনত মুখ লুকুৱাও
বাপোতি সাহোন বিহুতিৰ আশাত.........
কাৰণ আমাৰ যে এখনেই মাথোঁ কেঠা !!
ৰ'দৰ মুখ দেখুৱাই নাই অ
তোৰ চকুত পৰে বুলি ।
যাৰ শীতলতাত সপোন দেখো !
সাৰ পাওঁ
আকৌ সপোন দেখো......
নিজকে বিলাই দিওঁ
প্ৰতিটো কুকুৰাৰ ডাকত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ