জীৱন দান- মানস প্ৰতীম মালী

©Admin
0
মৃত্যুৰ সৈতে যুজি কিছুমান মানুহে মৃত্যুক পৰাস্ত কৰি পুনৰ জী উঠে । যিহেতু আমি সকলো ভগবানৰ সৃষ্টি , গতিকে তেওঁলোকক ভগবানে আকৌ এবাৰ জীৱনটো দান দিয়ে । 
       সকলোৱে নিজৰ জীৱনটোক ইমানেই বেছি ভাল পায় পেলাই যাৰ ফলত কোনেও মৰিব নিবিচাৰে , সকলো জীয়াই থাকিব বিচাৰে , আমি সকলো জীৱনৰ মায়াত বন্দী , নিজৰ জীৱনটোক ভাল পোৱা বাবেই সকলো শেষ হোৱাৰ পাছতো আমি মাত্ৰ জীয়াই থাকিব বিচাৰোঁ ।
              তেনেকুৱা মানুহবোৰো চাগে ভগবানৰ আন এটি ৰূপ , যিবোৰ মানুহে নিজৰ তেজ দি আন মানুহৰ জীৱন বচায় । 
             জীৱনটো মৰিবৰ বাবে নহয় , জীয়াই থাকিবলৈ ভগবানে দান দিয়ে , তেনেস্থলত বিভিন্ন গুতখা জাতীয় বস্তু সেৱন কৰি নিজৰ জীৱনটো শেষ কৰি দিয়াৰ অৰ্থ কি ?  

আজিকালি ইমান সৰু সৰু লৰাই গুতখা সেৱন কৰা দেখা পাওঁ , নাজানো ইমান সৰু লৰাবোৰে গুতখা জানিয়ে খাইনে নজনাকেই নাজানিয়ে খাই , 
যদি নজনাকেই খাই তেন্তে ঘৰৰ মানুহবোৰে ল'ৰাজনক শাসন কৰক , যদি যদি জানি বুজি খাই তেন্তে 
কিন্তু ইয়াৰ ফল এদিন অতি ভয়ানক হব । 
            এতিয়াই সকলো সাৱধান হওঁক , পাৰিলে এইবোৰৰ পৰা আপোনাৰ লৰাজনক আঁতৰাই ৰাখক , আৰু মৃত্যুৰ পথটোৰে যাব বিচৰা আপোনাৰ ল'ৰাজনক জীৱন দান দিয়ক । 
এইবোৰ সেৱন কৰা সৰু সৰু ল'ৰাবোৰক পাৰিলে বুজাওক , 
মৃত্যু আপোনজনৰ বাবে বৰ ভয়ানক , হয়টো লগ সংগৰ লগত পৰি তেওঁ বেয়া পথেৰে গতি কৰিছে , গতিকে আপোনাৰ ল'ৰাজনকো পথতো শুধৰাই দিয়ক , জীয়াই থকাৰ পথ 
দেখাওঁক ।
আকৌ কৈছোঁ নিজৰ ল'ৰাজনক এজন সৎ , অমায়িক ভাৱে গঢ়ি তোলাৰ প্ৰধান দায়িত্ব অভিভাৱকৰ ।
নিজৰ লৰাজনক মৰম কৰাৰ লগতে শাসন কৰক । 
" যিদিনাই সময় হ'ব মৃত্যুয়ে আমাৰ সন্ধান কৰিব , কিন্তু আমি কোনোদিনে মৃত্যুৰ সন্ধান নকৰোঁ " 
এজন দুজন নহয় যেতিয়া প্ৰতিটো পৰিয়াল , প্ৰতিজন অভিভাৱক সজাগ আৰু সচেতন হ'ব , তেতিয়াই সৰুতেই মৃত্যুৰ পথলৈ আগবঢ়া সৰু সৰু লৰাবোৰে পুনৰ জীৱনটো সঠিক পথেৰে আগবঢ়াই নিব ।
পাৰিলে সকলোৱে সৰু ল'ৰাই গুতখা সেৱন কৰা দেখিলে তেওঁলোকক বুজাওক , আৰু তেওঁলোকক জীৱন দান দিয়ক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)