যোৱাৰ বাটে উভতনি-নিশান্ত ভট্টাচাৰ্য

Rinku Rajowar
0
সোণোৱালী সপোনৰ আশা মনত পুহি
বাট বুলিছিলো সোণাসেৰীয়া বাটেৰে, 
বহু নিলগলৈ ।
অকলশৰে !
পোৱা নাছিলো আহিবলগীয়া ধুমুহাজাকৰ আভাস ,
ভৱাও নাছিলো ধুমুহাজাক যে ইমানেই ভয়ংকৰ হ'ব ।
মাথোঁ আগুৱাইছিলো ;
মাজে মাজে ভাল লগা এটা দুটা স্মৃতিয়ে দেহা শাঁত পেলাইছিল ।
বিশ্বাস আছিল ,
এদিন এই স্মৃতি হৃদয়ত সাঁচি উজ্জ্বলিম ;
খলা-বমাটো থাকিবই ,
সকলো নেওচিম মই ।
ভাৱিছিলো ,
এয়াই হয়তো পূৰ্ণাংগ জীৱন ,
সুখী জীৱন , প্ৰাপ্তিৰ জীৱন ।
কিন্তু ;
জীৱন সহজতেই ইমান মধুৰ হৈ পৰেনে  ?
নপৰে , কেতিয়াও নপৰে ।
এজাক বিধ্বংসী ধুমুহাই  নিমিষতে 
ঘূণীয়া কৰিলে সুখৰ জীৱন ।
এজাক মেটমৰা সপোনৰ দুলৰি লৈ 
যি বাটে গৈছিলো ,
সেই বাটেৰে উভতি আহিলোঁ ,
অস্তমিত সূৰ্যৰ ছায়াঁৰ মাজেৰে ।
          
                         ✍️নিশান্ত ভট্টাচাৰ্য 
                         ঠিকনা : ঢেকিয়াজুলি 
                         জিলা  : শোণিতপুৰ 
                         ভ্ৰাম্যভাষ : ৭৬৩৭৮১৭৯৩৪

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)