মা-সংযুক্তা বৰা

Rinku Rajowar
0
মা!
অপৰ্ণ কৰিলো তোমাক 
এখনি হৃদয়,
য'ত কেৱল তোমাৰেই নামলিপি।
এবোজা সপোন, 
ৰামধেনুৰ সাতো ৰঙেৰে পৰিপূৰ্ণ। 
মা!
অপৰ্ণ  কৰিলো তোমাক 
নিস্তৰংগ সময়ে কোবাই যোৱা মনৰ
কিছুমান ভাষা,
মোৰ ওঠঁৰ 
দুই এটি ছাপ।
মা!
অপৰ্ণ কৰিলো তোমাক 
এখন বগা কাগজত
মোৰ কলিজাৰ তেজেৰে লিখা
কেইটামান আখৰ।
মা!
অপৰ্ণ কৰিলো তোমাক 
আলফুলে সাচিঁ ৰখা
আজীৱন শেষ নোহোৱা
হৃদয়ৰ  মৰম,
একাঁজলি আশা,
দুনয়নৰ অশ্ৰু।।


✍️সংযুক্তা বৰা
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)