বৰষুণ-ৰজনী কুমাৰ ডেকা

Rinku Rajowar
0
এজাক বৰষুণ নামিব !
ধূলিসনা ওৰণি খন
নিমিষতে তিতিব ,
চিৰালফটা পথাৰখন
আকৌ সেউজীয়া হৈ পৰিব ,
বিৰিখে স্নান কৰিব
ৰুক্ষ দেহবোৰ মসৃণ হব ৷

এজাক বৰষুণ নামিব !
দূৱৰিৰ দলিচাই জুনুকা পিন্ধিব ,
পখীয়ে ডালত বহি পাতৰ আঁৰত 
লুকাব ,
শিলে -শিলে বৈ যাব 
এখন বিশাল সাগৰৰ সৃষ্টি হব ৷
মৰুদ্যানে শান্তি পাব ,
আবেলিৰ ৰামধেনুৰ সতে 
কথা পাতিব ৷

এজাক বৰষুণ নামিব !
বুৰঞ্জী গঢ়া প্ৰসিদ্ধ স্থানবোৰ 
জিলিকাব,
তাহানিৰ তেজৰ চেকুৰা বোৰ
থিতাতে মচখাব ,
বিলত পদুমে পুনৰ শিপা মেলিব ৷

এজাক বৰষুণ নামিব !
টিপ-টিপকৈ দেহত পৰিব ,
পলে-পলে উৰিব 
মনত উন্মাদ জগাব ,
এজাক বৰষুণ নামিব  ৷

 ◾ৰজনী কুমাৰ ডেকা  ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)