এৰি দিছে আঁচলখনি
বুকুৱেদি বৈ গৈছে মন্দাকিনী
টলবল কৰি প্ৰেমৰ ঢৌ বোৰে
মনৰ ভাঁজে ভাঁজে মিনা কৰি বাখৰ খাজিছে
তোমাৰ আমাৰ
ভালপোৱাৰ ।
উজ্জ্বল হাঁহিয়ে ঢাকে
পাতৰ সেউজীয়া,
তোৰ বুকুতে ফুলে সপোন
জেতুকাবুলীয়া ,
আশাই মেলে আঁহপাহ
তোৰ প্ৰাণৰ সখী
ৰাধাচূড়াৰ ছাঁত ৰৈ
অ' প্ৰিয় কৃষ্ণচূড়া !
বৰষুণে খেলে তোৰ সতে
সূৰুযে মৰম যাচে
আহি প্ৰত্যুষতে ,
জোনে চুমে দেহা
জোনাক বিধৌত ৰাতিত
সংগোপনে ।
কল্পনা বিলাসী প্ৰেমিকৰ তই
মৌ ৰহঘৰা
উদ্বেলিত কৰি
বাখৰুৱা কলিজা ।
✍️ অঞ্জুমণি হাজৰিকা
কেন্দুগুৰি , যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ