মানসিক, শাৰীৰিক কষ্ট পায় যিকোনো এগৰাকী নাৰীয়ে যদি নিজকে শেষ কৰিবলৈ চেষ্টা কৰে তথাপিও নোৱাৰে,কাৰণ নিজ সন্তানৰ মুখে আমনি কৰে। মোৰ মৃত্যুৰ পাছত সিহঁতৰ কি হ'ব! যদিও জানে এদিন মৰিব লাগিব, তথাপিও সন্তানৰ মোহে অদ্ভূত মায়াৰে বান্ধি ৰাখে মাতৃক। এগৰাকী নাৰীয়ে জীৱন যুদ্ধত একেটা দিনতেই কিমান ৰূপত অৱতীৰ্ণ হ'ব লগা হয়,ভূক্ত ভুগীয়েহে জানে। তথাপিও জীয়াই থাকে নিজকে জ্বলাই আনৰ জীৱন পোহৰ কৰি। এয়াই মাতৃ। হতাশাগ্ৰস্ত হ'লেও মৰিব নোৱাৰে কেৱলমাত্ৰ সন্তানৰ বাবে। নিজে আন্ধাৰত থাকিও অহোপুৰুষাৰ্থ কৰে সন্তানৰ জীৱন পোহৰাবলৈ।সকলোৰে মন যোগাবলৈ, দ্বায়িত্ব পালিবলৈ। কিন্তু কিমান জনে এনে ত্যাগৰ মূল্য বুজে! নাৰীৰ মনোজগতৰ খবৰ ৰাখে? গোটেই জীৱন ত্যাগ কৰিও শেষত এটা বিৰাট শূণ্য! এয়াই মাতৃ,নাৰী,মমতাময়ী। যি নাৰীৰ মূল্য বুজে,নাৰীক সন্মান কৰে,তেওঁৰ জীৱনত সুখৰ পদুম ফুলে।প্ৰতিগৰাকী নাৰীয়েই যদি সুস্থ মানসিকতাৰে সমাজৰ বাবে ভাল কাম কৰি যায়, সুন্দৰ চিন্তা ধাৰাৰে সন্তানক শিক্ষা দিয়ে, সমাজৰ পৰা ব্যভিচাৰ, হত্যা,অপহৰণ,হিংসা,সন্ত্ৰাস নিশ্চয় নোহোৱা হ'ব বুলি ভাবোঁ। নিঃসন্দেহে পুৰুষৰো সহযোগিতা লাগিব এই ক্ষেত্ৰত। সন্তানৰ সুস্থ মানসিকতা গঢ়া ক্ষেত্ৰত ।
✍️মামণি বৰঠাকুৰ
ডিব্ৰুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ