অপ্ৰিয় মানুহবোৰৰ অপ্ৰিয় সত্য কথাবোৰ -মানস প্ৰতীম মালী

©Admin
0
এতিয়াৰ মানুহবোৰক মানৱতাৰ কথা কোৱাৰ কোনো প্ৰয়োজন নাই , সমাজৰ কথা চিন্তা কৰাটো পাছৰ কথা , বৰ্তমানটো নিজৰ পৰিয়ালৰ মানুহবোৰৰ মুখ চাবও কাৰো হাতত অকণমানো সময়েই নাই ।
        কোনোবাই যদি মিঠা মিঠা কথা নকৈ অপ্ৰিয় হলেও সচা কথাবোৰ কয় ,  তেতিয়া সেইজন মানুহ আন কিমানজনৰ শত্ৰু হʼব লাগে তাৰ ঠিক নাই । 
আচলতে কি কৰি আছো আমিবোৰে ?
জীৱশ্ৰেষ্ঠ মানুহৰ ক'ত আজি মানৱতা , 
" অহিংসাই পৰম ধৰ্ম " এটা কথা মনত ৰাখিব মাৰি পেলোৱা জন নহয় , জীয়াই ৰাখিব পৰাজনহে প্ৰকৃত মানৱ । 
জন্তু বোৰে কি জানে ?
অʼ জন্তুবোৰে একো নাজানে , কিন্তু সিহতে জানে 
মিলাপ্ৰীতি । কিন্তু আমি মানু্হবোৰ ........... ?
মানুহৰ মানৱতা এতিয়া যেন কʼতোয়েই নাই ।  যদি সকলোবোৰ এনেকৈয়ে থাকে তেন্তে কিন্তু মানুহে মানুহক শত্ৰুজ্ঞান কৰিব আৰু বেছি দিন নাই । আমিবোৰ সলনি হ'ব পাৰিলেহে সমাজখন সুন্দৰ হব । 
এইকেইদিন শুনি আছোঁ কোনোবাই হেনো বিহ খুৱাই ১৬ টাকৈ কুকুৰ মাৰি পেলালে , কিন্তু কিয় .........?
যদি আপুনি জীৱশ্ৰেষ্ঠ মানুহেই জন্তুক মৰম নকৰি এনেকৈ মাৰিব আৰম্ভ কৰে , তেন্তে কেনেকৈ আপুনি জীৱশ্ৰেষ্ঠ ...... ?
সলনি হওক , জীৱ জন্তু যিয়েই নহওক , উপকাৰ কৰিব নোৱাৰিলে অপকাৰো নকৰিব ।

✍️মানস প্ৰতীম মালী ,
ঠিকনা :- বৰিহাট , মিৰ্জা ,


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)