অচিনাকী চৰাইজাকৰ দৰে-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
কেতিয়াবা সপোনবোৰ ৰৈ যাব খোজে
আশাবোৰো নোহোৱা হৈ যাব ধৰে
জীৱন নদীত ককবকাই থকাৰ ক্ষণে
বৰকৈ নিঃসংগ কৰি পেলায় সময়বোৰ।
জীৱনটো যে সহজ বুলি ভাৱিলেও
বৰ কঠিন হয় জীৱনৰ প্ৰতিটো যাত্ৰা ,
সফলতাৰে সমস্যাৰ সম্মুখীন হৈ পাৰ কৰিবলৈ 
সেয়ে কেতিয়াবা এৰাই চলো সপোনবোৰ ।
জীৱন নামৰ গ্ৰন্থখনি আধাতে সামৰি থওঁ 
উচিত সময়লৈ অপেক্ষা কৰি ধৈৰ্য ধৰোঁ ।
সুখবোৰ অচিনাকী চৰাইজাকৰ দৰে
মোৰাৰজী কাষলৈ উৰি আহিব বুলি হাঁহি হাঁহি।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)