বিশ্বৰ বিভিন্ন প্ৰান্তত ভিন ভিন দিন তাৰিখত মাতৃ দিৱস পালন কৰা হয়। অৱশ্যে আমেৰিকাত মে’ মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰাৰ লগতে পৃথিৱীৰ বেছিভাগ ঠাইতে এইটো দিনতে মাতৃ দিৱস হিচাপে গণ্য কৰা হয়।
মাতৃ দিৱস মাতৃসকলৰ বাবে এটা দিন। প্ৰতিটো জীৱনৰ অস্তিত্ব ৰক্ষাৰ বাবে এগৰাকী মাতৃৰ অতুলনীয় অৱদানৰ লগতে থাকে অপৰিসীম ত্যাগ।
গোটেই বিশ্বব্ৰহ্মাণ্ডখন এটা শব্দত সীমাবদ্ধ হৈ আছে- মা! মা মানে পৃথিৱীৰ সমস্ত সন্তানৰ নাভিৰ সংযোগ। প্ৰসৱ বেদনাৰ সময়তো সদ্যজাত সন্তানৰ মুখৰ পিনে চাই হাঁহি থকা। নিজৰ সন্তানৰ বৃদ্ধিৰ প্ৰতিটো পৰ্যায়কে গৌৰৱেৰে লালন-পালন কৰে।
যি মাতৃয়ে সন্তানৰ প্ৰতিটো দুখ-কষ্ট, খং-অভিমানক হাঁহিলৈ ৰূপান্তৰিত কৰে। যি মাতৃয়ে পৃথিৱীৰ সমস্ত অফিচ বন্ধ হ'লেও নিজৰ পাকঘৰৰ চুকত নিজৰ সাম্ৰাজ্য বিচাৰি পাই। যি মাতৃয়ে অতি বুদ্ধিমত্তাৰে দৰিদ্ৰতা নেওচি ভোকাতুৰ পেট লুকুৱাই ৰাখি সন্তানৰ বাবে খাদ্য সাঁচি ৰাখে। যি মাতৃয়ে নিজৰ সন্তানৰ বাবে যথেষ্ট টোপনি ক্ষতি কৰে। সেইজনী মা প্ৰতিজন সন্তানৰ জীৱন বাটৰ এটি প্ৰদীপ।
"মা" শব্দটো শিৰাত বিয়পি পৰা এটা অনুভৱ, মানুহ হওক বা জীৱ-জন্তু, মা মানেই ৰক্ত সম্পৰ্কৰ ঐশ্বৰিক উপস্থিতি। যিকোনো ডাঙৰ সমস্যা তথা বিপদত পৰিলে "মা" শব্দটোহে প্ৰথম মুখত আহে।সেয়া হৈছে এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা যত্ন আৰু ঘনিষ্ঠতা।
"মা" ৰ মৰম এইখন পৃথিৱীত শ্ৰেষ্ঠতম আশীৰ্বাদ। সন্তানৰ সুখৰ সময়ত দুগুণ সুখী হোৱা, দুখী হ’লে দুখ বোৰ ভাগ কৰি লোৱা মা হ'ল আমাৰ বাবে বিধাতাৰ শ্ৰেষ্ঠতম উপহাৰ।
যিগৰাকী মাতৃ অবিহনে জীৱন অপৰিপূৰ্ণ সেইগৰাকী মাতৃক আজিৰ একাংশই অবহেলা কৰাটো অতিকৈ পৰিতাপৰ বিষয়। অৱহেলাৰ সীমা ইমানেই চেৰাই যাই যে পিতৃ মাতৃৰ স্থান অৱশেষত বৃদ্ধ আশ্ৰমত হয়গৈ।
ইয়াৰ বাবে প্ৰধান দায়ী নিজ পুত্ৰ- কন্যা অৱহেলা। যেতিয়া তেওঁলোক স্বাধীন হয় তেতিয়া তেওঁলোকে পিতৃ-মাতৃৰ গুৰুত্ব পাহৰি যায়। পিতৃ-মাতৃৰ প্ৰতি কৰ্তব্য তেতিয়া বোজা হৈ পৰে। আৰু এই বোজা আঁতৰাবলৈ বৃদ্ধাশ্ৰমত পঠোৱাৰ পথ বাছি লয়। কিন্তু কোনো পিতৃ-মাতৃয়ে সন্তানক অনাথ আশ্ৰমত ডাঙৰ-দীঘল নকৰে। বৰঞ্চ পিতৃ-মাতৃয়ে নিজৰ প্ৰয়োজনতকৈ সন্তানৰ প্ৰয়োজনীয়তাক অধিক অগ্ৰাধিকাৰ দিয়ে। কিন্তু বৃদ্ধ বয়সত পিতৃ মাতৃৰ লগত এনেকুৱা কাম কৰাটো মহাপাপ আৰু সামাজিক ভাৱে ঘৃণনীয়।
শহু- শাহুৰেকক দায়িত্ব ল’ব নোখোজা বহু বোৱাৰীও ইয়াৰ মূলতঃ দায়ী। শহু- শাহুৱেক তেওঁলোকৰ সাংসাৰিক জীৱনৰ বোজা বুলি অনুভৱ কৰে। গতিকে ঘৰৰ বয়সস্থ মানুহবোৰক বিভিন্ন ছল-ছাতুৰি উলিয়াই কাজিয়া কৰি শহু- শাহুৰেকক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়ে আৰু পাহৰি যাই যে এই সময় নিজৰ বাবেও এদিন আহিব।
আৰামদায়ক সৰু পৰিয়ালৰ পৰিকল্পনা কৰা অপসংস্কৃতিও ইয়াৰ আন এটা কাৰণ। চাকৰি এটা পোৱাৰ পিছতেই স্বামী-স্ত্ৰী আৰু তেওঁলোকৰ সন্তানৰ বাবেহে সময় আৰু ঠাই থাকে যদিও বৃদ্ধ পিতৃ মাতৃৰ বাবে ঠাই নাই। তদুপৰি ভাল পাৰিবাৰিক সম্পৰ্ক নথকাটোও ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে।
অকল মাতৃ দিৱস পালন কৰিলেই পিতৃ মাতৃৰ শ্ৰদ্ধা আৰু দায়িত্ব পূৰ্ণ হৈ নাযায়। যি পিতৃ মাতৃয়ে সন্তানৰ বাবে জীৱনৰ সকলো ত্যাগ কৰে, সেইসকল পিতৃ মাতৃক বৃদ্ধাৱস্থাত সময় দিয়াৰ লগতে আৰু যত্ন ল'ব লাগিব।
✍️এহিয়া আহমেদ।
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী, মৰিগাঁও
ফোন নং- ৮৮৭৬১২৩১২৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ