ডায়েৰীখনৰ সপোনবোৰ-চেমিমা চুলতানা

0
আজি বহু দিনৰ মূৰত
ডায়েৰীখন লুটিয়াই চালো,
পৃষ্ঠাবোৰত কি লিখিছিলোঁ
নিজেই ধৰিবকে নোৱাৰিলোঁ।

ভৱিষ্যতকলৈ দেখা
সেই সপোনবোৰ আজি,
ডায়েৰীৰ পৃষ্ঠাতে ঘুনে ধৰিছে,
সপোনবোৰে  ককবকাইছে
সেই পৃষ্ঠাবোৰৰ পৰা মুক্ত হ'বলৈ।
মই যে নিৰুত্তৰ...!

পুণৰ আন এটা পৃষ্ঠা উলিয়াই 
লিখিলোঁ আৰু এটি সপোন।
এদিন সকলোকে,
ডায়েৰীৰ  সেই  আধা চিগা পৃষ্ঠাবোৰৰ পৰা
মুক্ত কৰিম,
তাৰেই আশাৰে............

                  ✍️চেমিমা চুলতানা
                        মৰিগাঁও,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)