মই প্লাৱিত মদিৰা বন্যা
অনুতপ্ত জীৱনৰ ভগনীয়া
বগাই যোৱা সৰিসৃপ
মই জাপ দিয়া বৰ্ষাৰ পাটবেং
ৰাজপথৰ বাজিগৰ
মই উজাগৰি নিশাৰ অভিশপ্ত কাৰিকৰ
মই উলংগ বহ্নিমান শিখা
প্ৰৱনতা প্ৰবল
নৃত্যৰতা সুত্ৰধাৰ
বাধাহীন প্ৰবেশদ্বাৰ
দোৰ্ঘোৰ আন্ধাৰ প্ৰিয়
ঐশ্বৰ্য বিভুতিৰ
আপত্তি বিহীন প্ৰমান পত্ৰৰ গৰাকী
সুখৰ মজিয়াত লালিত-পালিত
ভোগবিলাসত বাতুল
বাক্যত চতুৰ
ৰখীয়াবিহীন মন
ৰাগিণী সুবাসত মতলীয়া
জখলা বগাই
উপভোগ মোৰ অতৃপ্ত কামনা
প্ৰিয়জন নাই
নিজৰ গুণ নিজে বখানো
চালাহি কথাত পাকৈত
সমাজ পমি যায় সমাজ ৰসাতলে যায়
সেই কথা আঙুলিমূৰত নিলিখোঁ
সময় বিস্ময় কৰিব পাৰোঁ
আলাসৰ কামনা লাড়ু
মচমচীয়া পাপৰ মইয়ে খাওঁ
লুণ্ঠিত বেদনাৰ তৃপ্তি পাওঁ
নিচাসক্ত বিৰক্ত অব্যক্ত অশংশোধিত
ৰূপকাৰ মন্ত্ৰ জানো
মইয়েই আধুনিক নৃত্যৰ নায়ক
সেই বাবেই ভাল লাগে
শেষ নিশালৈকে হোৱা সাংস্কৃতিক সন্ধ্যা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ