অন্তৰত লৈ ফুৰা ধুমুহাজাক-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
চকুলো উলিয়ায় জানো
কেতিয়াবা দুখ প্ৰকাশ কৰি
কথাবোৰ বুজাব পাৰিম তোমাক
বুজাব গ'লেও যে তুমি মোৰ
অভিমানী মনৰ কথা একোৱে
কেতিয়াও শুনিব নোখোজা ।
মই  আনৰ আগত উচুপিলে 
তেওঁলোকে জানো বুজিব
নিয়তিয়ে আঁতৰাই নিয়া 
সেই দুঃসময়ৰ বিষাদৰ কথা ।
নিশা যন্ত্ৰণাত উশাহবোৰ ৰৈ যায়
তোমাৰ অবিহনে জীয়াই থকাটো
কেতিয়াবা বৰ কষ্ট হয় অ দেউতা
সেই জীয়া কাহিনীবোৰে বুকুখনি
কপাই তোলে অজান আকাংক্ষাত 
 বৰষা হৈ দুচকুৰে চকুলো নিগৰে
বাৰে বাৰে উচপ খাই উঠো
সচাঁ সপোনবোৰ পুনৰ দেখি
কাকো বুজাব নোৱাৰোঁ দেউতা
অন্তৰত লৈ ফুৰা ধুমুহাজাকৰ কথা।

◾দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)