অন্তিম যাত্ৰাৰ সময়ত- এছ ইছলাম

©Admin
0
অন্তিম যাত্ৰাৰ সময়ত
আই-পিতাই নেকান্দিব 
সিহঁতে যে অগ্ৰজ! 
বোৱাৰী-ল'ৰাই নেকান্দিব 
সিহঁতে যে স্বাৱলম্বী! 
গাওবাসীয়ে নেকান্দিব
সিহঁত নহয় ক্ষতিগ্রস্ত! 

তুমি কিয় কান্দিবা, নেকান্দিবা 
কান্দিলে মোৰ দগ্ধ হৃদয়ত
লাগিব আঘাত
নাতি-নাতিনীক মোৰ অভাৱ 
বুজিবলৈ নিদিবা
নেকান্দিবা প্ৰিয়া, নেকান্দিবা! 

শুভ্ৰ পোছাক পৰিধান কৰি দিব
আঁতৰ ছটিয়াই দিবা তুমি
প্ৰকাশিত পুথিবোৰ
দেশ মাতৃৰ নামত উচৰ্গা কৰিবা
আলোচনা নকৰিবা
হাঁহিমুখে বিদায় দিবা
মোৰ আধৰুৱা কামখিনি
পাৰিলে সমাধা কৰিবা
শান্তি পাব মোৰ আতমাই
প্ৰিয়া, শান্তি পাব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)