হেৰাই যোৱা দিনবোৰৰ স্মৃতি- পৰিস্মৃতা দত্ত

©Admin
0
অতীতৰ বুকুত এৰি থৈ আহিছোঁ 
মোৰ সোণালী শৈশৱ , 
কিমান যে সুন্দৰ আছিল সেই পখিলা খেদা
ৰামধেনুৰ সাতোৰঙী মধুৰ দিনবোৰ...
মুকলি আকাশৰ তলত দলিচা পাৰি 
কʼত কি যে খেলিছিলো তৰাৰ সৈতে...! 
উৰি যায় মন , পাৰ হৈ অহা
অকৃত্ৰিম এখন সেউজীয়া পৃথিৱীলৈ
ৰামধেনুৰ সাতোৰঙেৰে 
পূৰ্ণ হৈছিল প্ৰতিটো দিন ...
শৈশৱৰ সোণোৱালী পথাৰত আছিল মাথোঁ 
সোণালী দিনৰ সোণসেৰীয়া স্মৃতি, 
এপাহি সুকোমল ফুলৰ পাপৰিৰ
 দৰে নিমজ, কাঁচৰ দৰে স্বচ্ছ ...। 
সোণালী শৈশৱৰ এক মধুৰ স্মৃতি
 গ্ৰীষ্ম বন্ধৰ এমহীয়া আনন্দৰ জোৱাৰ...,
মনত পৰে পথাৰত খোৱা শৈশৱৰ সেই
অমৃতসম ভাতসাঁজৰ সোৱাদ,
আজি দিনৰ কোনো নামি - দামী
 ৰেষ্টোৰেণ্টত বিচাৰি নাপাওঁ।
প্ৰকৃতিৰ প্ৰতিটো সৌন্দৰ্যক উপভোগ কৰি 
পাইছিলো জীৱনৰ অমিয়া ৰস 
বুকুত খোদিত হৈ আছে
মচিব নোৱাৰা গভীৰ অনুৰণন।
দুচকুত ভাহি আহে শৈশৱৰ 
পখিলা খেদা সেই মধুৰ গুঞ্জন । 
কিন্তু কʼত হেৰাল ..
অতীতৰ সেই সোণোৱালী শৈশৱ ? 
বালিঘৰ খেলা , তামোলৰ ঢকুৱাত উঠি 
গাড়ী গাড়ী খেলা ...
মুকলি পথাৰত অলং - দলং খেলা...! 
নাই... , 
সেইবোৰ চোন এতিয়া দেখিবলৈকে নাই । 
ভোগবাদী আদৰ্শই এনেদৰেই কাঢ়ি নিব নেকি
জীৱনৰ শৈশৱৰ মধুৰতা ? 
জীৱনটো যেন কʼৰ পৰা কʼত পালেগৈ
একো তলকিবই নোৱাৰিলোঁ, 
হেৰাই গʼল মোৰ শৈশৱ আৰু
স্কুলীয়া জীৱনৰ মধুৰ দিনবোৰ... ।
আজি হাইস্কুলৰ চূড়ান্ত পৰীক্ষাৰ দুৱাৰ দলিত 
থিয় হৈ স্মৃতি ফলক মেলি এৰি থৈ অহা
দিনবোৰলৈ এবাৰ চকু ফুৰাই চাইছোঁ , 
যিবোৰ হয়তো বিচাৰিলেও
 পুনৰ উভোতাই নাপাম ।
শেষ হৈ যাব জীৱনৰ এটা মধুৰতম অধ্যায় ..
শেষ হৈ যাব ভাল লগা সময়বোৰ.. । 
পুৰণি বন্ধু অচিনাকী হʼব 
সময়ৰ সোঁতত সকলো হেৰাই যাব । 
এই গতিশীলতাৰ জগততে আৱৰ্তিত
আমাৰ জীৱনৰো গতি 
অতীত বৰ্তমানৰ সকীয়নি
আৰু ভৱিষ্যতৰো জিলিঙনি । 
সেয়েহে আশা কৰিছোঁ
অতীতৰ সোঁৱৰণীয়েই হওঁক 
মোৰ জীৱন বৃত্তৰ চলনশক্তি, 
নাপাওঁ বিচাৰি মোৰ সেই 
সোণসেৰীয়া দিনৰ স্মৃতিৰ বাকৰি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)