প্ৰেমিক চৰাই মই {ছিৰিজ ২০৭} ~হাইছ উদ্দিন আহমেদ

Rinku Rajowar
0
ধূলিৰ ফুলবোৰ উৰি আহি 
মোৰ গালত স্পৰ্শ কৰিছিল, 
মই চুই চালোঁ এবাৰৰ বাবে
মোৰ গালখন মলিয়ন হৈ পৰিছিল  ।

হঠাৎ শীতল বৰষুণজাকে ধুই দিছিল
শৰীৰৰ প্ৰতিটো অংগ, 
এটা হাঁহি বৰষুণজাকত শুনা পাইছিলোঁ।

সৰগৰ অপেশ্বৰী আল-ফুলীয়া কোমল 
লাজুকী উজ্জ্বল আকাশখন জিলিকি আছিল
খিলখিলাই থকা ৰূপহী ধূলিৰ ফুলবোৰ বুটলি আছিল ।

অকলশৰীয়া হৈ ক্ষন্তেক ভাবি আছিলোঁ 
আৰু নিজকে অপৰাধী বুলি ভাবিছিলোঁ,

অন্ধকাৰ  ৰাত্ৰিত ক'লা  পাথৰৰ ওপৰত
ক'লা পৰুৱাই খোজকাঢ়ি গৈছিল
পাথৰ ক'লা,পৰুৱা ক'লা বাবেই 
একো গমপোৱা নাছিল 

 মানুহৰ অন্তৰতো কেতিয়াবা হঠাৎ  অহংকাৰ গুছি আহে  
মানুহে নিজেই কব নোৱাৰে।

মোৰো অনুভৱ হৈছিল 
মোৰ যেন অহংকাৰ হৈছিল 
তাইক দেখাৰ পিছৰ পৰাই 
যেতিয়া তাই মোৰ ফালে বহু সময় ধৰি চাই আছিল ।

মই কেনেকৈ ইয়ালৈ আহিলোঁ
সেয়াই লৈ অসুস্থ বুদ্ধি হৈছিল 
সমাজত মোৰ দৰেই বহুতো আছিল 
যিসকল মোৰ দৰেই আছিল ।

✍️ হাইছ উদ্দিন আহমেদ ,নগাঁও 
ভ্ৰাম্যভাষ-৯৬৭৮১০৫৪৫১ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)