প্ৰভাত-শিল্পী দাস

Rinku Rajowar
0
স্নিগ্ধ বতাহ লৈ
সূৰ্যক স্বাগতম জনাই,
আহা তুমি প্ৰভাত
প্ৰতি নিশাক বিদায় জনাই।
চৰাইবোৰ জাগি উঠি
মৃদু সুৰেৰে মাতে,
গছৰ পাতবোৰেও প্ৰভাতৰ পৰশে
প্ৰেমৰ কথা পাতে।
আকাশৰ এক অপূৰ্ব দৃশ্য
ৰঙা বেলিটিয়ে লুকাভাকু খেলে,
মৌ-মাখিয়ে ভৌ-ভৌ কৰে
ফুলবোৰেও পাহি মেলে।
বিছনা এৰি মানুহবোৰে
সূৰ্যক নমস্কাৰ কৰে,
যাৰ যাৰ কৰ্ম অনুযায়ী
ব্যস্ত হৈ পৰে।
সঁচাই বৰ তৃপ্তিত্ব ক্ষন্তেক
হৃদয়স্পৰ্শী প্ৰভাতৰ প্ৰকৃতি,
বহি বহি প্ৰচেষ্টা কৰিলোঁ
লিখিব তোমাৰ আকৃতি।

         
       ✍️ শিল্পী দাস
      ভালুকমাৰী ৰাণীপুখুৰী নগাঁও
   বাণিজ্য শাখাৰ চতুৰ্থ ষান্মাসিক
                      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)