মা- মানস বৰ্মন

©Admin
0
মা তুমি সঁচাই অনন্যা।
দশমাংশ দশ দিন গৰ্ভত ৰাখিলা ,
বাহ্যিক পৃথিৱীখন তুমিয়েটো দেখালা ।
ঠাণ্ডাত দিলা বুকুৰ উম ,
গৰমত দিলা চাদৰৰ আচলৰ শীতল বা ।
দিন - ৰাতি একাকাৰ কৰি আমাক ডাঙৰ - দীঘল কৰিলা ।
অশেষ যন্ত্ৰণা তুমি নীৰৱে সহিলা ।
এখোজ দুখোজ দিবলৈ লওতে পৰিম বুলি তুমি আহি হাতত থাপ মাৰি ধৰা ,
সকলো দুখ ভাগৰ তুমি পাহৰি যোৱা ।
অশেষ কষ্টৰে আমাক ডাঙৰ কৰিলা ,
নিজে নাখায় তুমি মা আমাক খুৱালা ,
সতিত্বৰ পৰিচয় তুমি মা দাঙি ধৰিলা ।
সঁচা কি মিছা কি সকলো জ্ঞান দিলা ,
মহান শিক্ষকৰ পৰিচয় তুমি দেখালা।
মাটিত থলে পৰুৱাই পাব বুলি ,
মূৰত থলে ওকণীয়ে খাব বুলি 
তুমি তোমাৰ বুকুত সুমুৱাই ৰাখিছিলা ।
তোমাৰ কোমল বুকুত টোপনি যোৱা
তোমাৰ উমাল কোলাত উমলি ৰোৱা
শৈশৱৰ সোণোৱালী সেই দিনবোৰ,
আজিও আছে যতনে সামৰি থোৱা ।
আঘাত পালে নীৰৱে চকুলো টুকি ,
মৰমেৰে বেথাখিনি আঁতৰাই নিয়া।
মা তুমি সঁচাই ধুনীয়া ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)