তাহানিৰ গৰুগাড়ী বাহনখন- ছেলিমা বেগম

©Admin
0
গৰুগাড়ী কি 
গৰুগাড়ী হ'ল বাঁহৰ আৰু কাঁঠ সৰু সৰু সৰু টুকুৰা কৰি কাটি লৈ ৰচী দি বান্ধি তৈয়াৰ কৰা সঁজুলি। কাঁঠৰ দুচকীয়া বাহন। গৰুয়ে টানি লৈ যায়, আগৰ দিনত মানুহে এই বাহন ব্যৱহাৰ কৰিছিল। 

               তাহানিৰ যুগত মানুহে নিজৰ জীৱন যাপন কৰিবলৈ কিছুমান সজুঁলি ব্যৱহাৰ কৰিছিল নিজে ঘৰতে তৈয়াৰ কৰি লৈছিল। মানুহৰ মাজত যেতিয়াৰ পৰা খেতি কৰা শিকিবলৈ লৈছিল তেতিয়াৰ পৰা এনে কিছুমান বাহন যেনে গৰু গাড়ী, ঘোঁৰা গাড়ী, হাতীৰ পিঠিত, গাধ আদি বিভিন্ন ধৰণৰ আহিলাসমূহ আৰু জীৱ জন্তু বুজা কঢ়িয়াই অনাত ব্যৱহাৰ কৰিছিল। 
                 তাহানিৰ যুগত মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি খেতি কৰি জীৱন যাপন কৰিছিল। কৃষি কামত গৰু গাড়ী ব্যৱহাৰ কৰি সুফল লাভ কৰিছিল। গৰু গাড়ীৰ সন্মুখৰ ফালে বাঁহৰ সামগ্ৰী ব্যৱহাৰ কৰি গৰুৰ কান্ধত লগাই টানি লৈ যাব লগীয়া হৈছিল। পথাৰৰ শস্যৰ উৎপাদন কৰি বিক্ৰী কৰিবৰ বাবে এই বাহন ব্যৱহাৰ কৰিলে উপকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।প্ৰত্যেকৰে ঘৰত গৰু গাড়ী আছিল। তাহানিৰ মানুহে গৰু পুহিছিল আৰু এই গৰুৰ পৰা বহুতো উপকাৰ সাধন কৰিব পাৰিছিল। গৰুৰ বৰ উপকাৰী জন্তু , গৰুৰৰ ছালৰ পৰা গোবৰৰ লৈকে প্ৰতিটো অংগ উপকাৰী ।

               তাহানিৰ যুগত মানুহৰ মাজত আধুনিক যুগৰ পদ্ধতিয়ে যান বাহনৰ ব্যৱস্থা নাছিল। গৰু গাড়ীৰ ভাড়া হিচাপে ব্যৱহাৰ কৰিছিল। বিয়া কৰাই কন্যাক আনিবলৈ এই বাহন ব্যৱহাৰ কৰিছিল। এই গাড়ীত কোনো ধৰণৰ তেল বা পেট্ৰলৰে চলোৱা নাছিল। দুটা কাঁঠৰ চকা লগোৱা হৈছিল আৰু গৰু দি টানি লৈ গৈছিল। 

             আধুনিক যুগৰ পৰিবৰ্তন পাই আমাৰ সমাজখন পৰিবৰ্তন হৈ আছে। বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আধুনিক যান বাহনৰ ব্যৱস্থা হৈ পুৰণি বস্তু বিলাক নাইকিয়া হৈ আছে। বৰ্তমান সময়ত কৃষি পদ্ধতি বিজ্ঞানীসকলে আবিস্কাৰ কৰা সামগ্ৰী ব্যৱহাৰ কৰা হয়। হালবোৱাৰ পৰা ধান কটা লৈকে ট্ৰেক্টৰ বা আধুনিক যন্ত্ৰ ব্যৱহাৰ কৰা হয়। গৰুগাড়ী আমাৰ সমাজৰ পৰা বিলুপ্ত হৈ গৈছে। আমাৰ ল'ৰা ছোৱালী সকলক গৰুগাড়ী এখন চিনাকী কৰাই দিবলৈ হলে চিত্ৰ আঁকি বুজাই দিব লাগিব, সিহঁতে নিজ চকুৰে দেখা পাবলৈ নাই যাৰ ফলত আমাৰ সমাজত এনেকুৱা হৈছে যে এটা পুৰণা সঁজুলি দেখিবলৈ হলে গুগল চাই দেখোৱাব লাগে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)