জোৱাৰ- নীহাৰিকা কৌশিক

©Admin
0
জোৱাৰ দেখিছা কেতিয়াবা...?
সাগৰৰ,সময়ৰ, শব্দৰ 
কোনো জ্ঞানীৰ জ্ঞানৰ,
কবিৰ কলমৰ, সঙ্গীতজ্ঞৰ সুৰৰ
দেখিছা হয়টো দূৰ-দিগন্তৰ 
সিপাৰে থকা সৰু সুৰুঙাৰে ;
যি সুৰুঙাৰে দেখি মাথোঁ
বেলিৰ কিৰণত উৰি ফুৰা
ধূলিৰ সৰু সৰু কণিকা।
তুমি দেখা নাই চাগে কাহানিও
সাগৰৰ জোৱাৰে অনা তাণ্ডব নৃত্য
সময়ৰ সোঁতত মৰিশালি হোৱা আভিজাত্য।
তুমি চাগে এয়াও দেখা নাই
কলমৰ নীলা চিয়াঁহীয়ে
কিদৰে শব্দৰ অট্টালিকা গঢ়ে
সপ্ত স্বৰৰ সংগীতে
কিভাবে নিজৰ কাহিনী ৰচে 
জ্ঞানৰ ৰসেৰে সমৃদ্ধ মেধাৱী ছাত্ৰৰ
কষ্টৰ বিধ্বস্ত ৰূপ, 
তুমি চাগে কোনো কালেই দেখা নাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)