সন্ধিয়াৰ মুকলি আকাশ খন।
ভাল লাগে জানা!
সেই মুকলি আকাশৰ তলত
স্বাধীন মনেৰে চৰাইবোৰ
জাক পাতি উৰি ঘৰ মুৱা হৈ
যোৱা দৃশ্যবোৰ দেখি ।
ভাল লাগে জানা!
অতীতৰ কথাবোৰ সোঁৱৰণ কৰি।
মামা আতাই বৈ দিয়া
সৰু ঢাৰি খনত বহি
সেই মুকলি আকাশৰ তলত
ঢিমি ঢিমি জ্বলি থকা
কেৰাচিন তেলৰ চাকিৰ
পোহৰত পঢ়া দিনবোৰলৈ।
সেই মুকলি আকাশ খনৰ সতে
আছে মোৰ এৰাব নোৱাৰা
এক নিবিৰ সম্পৰ্ক।
মুকলি আকাশৰ তলত বহি
সন্ধিয়া পৰত তৰা গণা কথাবোৰ
মনত পৰিলে কিবা
মনটো ভাল লাগি যায় ।
মনত পৰে মুকলি আকাশৰ তলত
সন্ধিয়া পৰত ওলোৱা জোনাকী
পৰুৱাৰ পিছে পিছে দৌৰি ফুৰা
কালচোৱাৰ কথাবোৰ।
নাজানো কিয় জানো
মুকলি আকাশখনৰ ফালে
চালেই মনটো কিবা ভাল লাগি যায়।
🖋️ শ্ৰী মানস বৰ্মন।
জিলা : নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ