মোৰ জন্মদিন-পৰিস্মৃতা দত্ত

Rinku Rajowar
0
জেঠমহীয়া আজি দিনটোৰ স্নিগ্ধ সন্ধিয়াত
আজি মোৰ জন্মদিন,
আজি মোৰ আইৰ বৰ কষ্টৰ এটি দিন আছিল
ন মাহ দহ দিন গৰ্ভত ৰাখি জন্ম দিছিল
আজিৰ এই শুভ দিনতে ।
পিতাইৰ দুচকুত জিলিকি উঠিছিল
 এবুকু আশাৰ ৰেঙনি ...
ফুলৰ সুগন্ধৰ দৰে চৌপাশ মুখৰিত হৈ
মনৰ সুখে মনৰ পদূলি উপচাই দিছিল।

জন্মদিন...
মোৰ বাবে আজি এক বিশেষ হেঁপাহৰ দিন 
যিটো দিনত মোৰ আই- পিতায়ে 
মোৰ কান্দোনৰ শব্দত হাঁহিছিল 
মোক জনাইছিল স্বাগতম....
তাৰ পিছত হয়তো মোৰ কান্দোনৰ শব্দত 
কেতিয়াও নামাৰিছিল হাঁহি! 
মাথো মোৰ কান্দোন বন্ধ কৰিবলৈ
কেৱল নিচুকাইছিল । 

নি: শব্দে সময়বোৰো গুচি গʼল অবিৰাম গতিত
মনত কেৱল থাকি গʼল মোৰ জন্মদিনৰ 
মাহটিৰ লগতে একৈশ মে' তাৰিখটি । 
একুৰিত ভৰি দিবলৈ মাথো এটি বৰ্ষ বাকী । 

নৱপ্ৰভাতেৰে অতিৰঞ্জিত আজি
নিজানৰ দলিচা
ৰৌদ্ৰজ্যোৎস্নাৰ পৰশত নৱপল্লৱিত 
অংকুৰণৰ আশাৰ চানেকি, 
মোৰ আইৰ ওঠত বিৰিঙি উঠক 
এটি মিঠা হাঁহি।
আজিৰ এই শুভ দিনটোত
অতীতৰ সুখ আৱদ্ধ হওঁক মোৰ হৃদয়ত , 
অতীতৰ দুখবোৰ যাওঁক হেৰাই
আজিৰ পৰাই আৰম্ভ হওঁক
জীৱনৰ নতুন অধ্যায়, কৰ্মৰ নতুন উদ্যম
আৰু মই হʼম নিপুণ খনিকৰ।।

◾পৰিস্মৃতা দত্ত 
শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)