শিল্পীৰ হাতৰ পৰশ-হিৰণ্যময়ী বৰুৱা

©Admin
0
হাবিখনৰ এঠাইত সিঁচৰতি হৈ আছিল
এটুকুৰা কাঠ উইয়েখোৱা,

লিৰিকি বিদাৰি চাই
শিল্পীজনাই কৰিলে নিৰ্মাণ
বাল্মীকিৰ এটি প্ৰতিমূৰ্তি
কালৰো কাল বিপৰিত কাল
হৰিণাই চেলেকিলে বাঘৰ গাল।
জীৱকুলৰ নিজাপী ঘৰ
ঘন অৰণ্য হাবি জংঘল।
চিৰসেউজীয়া হৈ উঠক
শ্যামলিকা ঘন অৰণ্যভূমি।
ৰামধেনুৰ সাতো ৰঙে
আকাশ পুলকিত কৰক
পূৰ্ণহৈ পৰক নদ-নদী,সাগৰ মহাসাগৰ
ঢৌৱে ঢৌৱে ঢৌ খেলি
বিষাদ আঁতৰাই নিয়ক।
মৌ মাখিয়ে গুণগুণ কৰি
হৃদয়ৰ প্ৰেমৰ ঢাকোন খোলক।
জগত সুন্দৰ ,মানুহ সুন্দৰ
সৃষ্টিৰ নৈবেদ্য ই গঢ়িতোলক
আপোনাৰো আপোন ঘৰ।


✍️হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)