✍️উৎপল মৰাং
দেৰগাঁও, গোলাঘাট
১
ফেঁচাৰ কুৰুলিত ক্ৰমশঃ
মৃত্যুৰ সময়ত -
উভতি যে মই আহিবই লাগিব।
২
ৰাতি আকাশ কন্দুৱা চৰাইটোৰ মাতেৰে
উদিত সূৰুযৰ ফালে ধাৱিত হোৱা
এজাক পিশাচৰ অট্টহাস্যত ধৰ্ষিত হৈ এটা পুৱা,
সেই পোৱাৰ উদিত সূৰুযৰ কালগৰ্ভত আয়োজন হয়
শিয়াল-কুকুৰৰ ভোজ।
সেয়েই শেন দৰ্শনৰ পৃষ্ঠভূমিৰ কামনাৰ জুইত ফৰ ফৰাই উৰিছে
আত্মগৰৱী নীলা শিয়ালৰ ৰং।
নিৰস ঠুনুকা ঠাৰিবোৰত ধোঁৱাই পোহৰাইছে
হতাশাৰ গৰাহৰ মৰণফান্দ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ