যেনে কৰ্ম তেনে ফল-মোঃ নুৰ ইছলাম ক্বাদৰী

©Admin
0
✍️ মোঃ নুৰ ইছলাম ক্বাদৰী।
মাদাৰ পুৰ, জিলা- চিৰাং, বিটিআৰ (অসম)
মোবাইল- ৯৩৬৫০৭২২২৩

এখন গাঁৱত এজন খেতিয়ক আছিল,। সেই কৃষক জনে গাখীৰৰ পৰা দৈ, ঘি আৰু মাখন বনাই বিক্ৰী কৰে। এদিন খেতিয়কৰ পত্নীয়ে ঘি, মাখন আৰু দৈ বনাই খেতিয়কক বিক্ৰী কৰিবলৈ দিলে। খেতিয়কজনে সেইবোৰ বিক্ৰী কৰিবলৈ গাঁৱৰ পৰা চহৰলৈ গুচি গ’ল। মাখনবোৰ ঘূৰণীয়া ৰোল আকৃতিত ৰখা হৈছিল। ইয়াৰ প্ৰত্যেকৰে ওজন আছিল ১ কিলো। চহৰ পোৱাৰ লগে লগে কৃষকজনে প্ৰতিবাৰৰ দৰে আগৰ নিৰ্দিষ্ট দোকানত গৈ মাখন দি তাৰ পৰিৱৰ্তে পৰিয়ালৰ বাবে চাহ, চেনি, তেল আৰু অন্যান্য প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ লৈ আহে।

আজি খেতিয়কজন বস্তুবোৰ দি যোৱাৰ পাছত দোকানী জনে এটা এটাকৈ মাখনৰ (Butter) ৰোলবোৰ ফ্ৰীজত থৈ ভাৱিবলৈ ধৰিলে, আজিয়েই বাটাৰৰ ওজন ঠিকেই আছে নেকি চাওঁ। বাটাৰৰ ৰোলবোৰ ওজন কৰি দেখিলে যে বাটাৰৰ ওজন ১ কিলো নহয়, ৯০০ গ্ৰামকৈ।

পিছৰ সপ্তাহত খেতিয়কজন আকৌ সেই দোকানত মাখন বিক্ৰী কৰিবলৈ গ’ল। দোকানৰ সন্মুখত থিয় হোৱাৰ লগে লগে দোকানীজনে খেতিয়কক চিঞৰি চিঞৰি ক'বলৈ আৰম্ভ কৰিলে, "মোৰ দোকানৰ পৰা ওলাই যা।এতিয়াৰ পৰা অসৎ কেলেংকাৰী লোকৰ লগত ব্যৱসায় কৰক। মোৰ দোকানত আৰু কেতিয়াও ভৰি নিদিব। ৯০০ গ্ৰাম মাখন ১ কেজি বুলি বিক্ৰী কৰা মানুহৰ মুখ খন মই চাব নিবিচাৰোঁ।"

খেতিয়কে বিনম্ৰভাৱে দোকানীজনক ক'লে - "দাদা! অনুগ্ৰহ কৰি খং নকৰিব। আচলতে মই বৰ দুখীয়া মানুহ,দিন আনি দিন খাও ওজন কৰিবলৈ বাটখাৰ (পাথৰ) এটা কিনিবলৈ মোৰ হাতত টকা নাই, গতিকে প্ৰতিবাৰেই আপোনাৰ পৰা এক কেজি চেনি লৈছিলোঁ.. দাড়ি পাল্লাৰ এফালে ৰাখি আৰু আনফালে বাটাৰ ৰোল এটা ৰাখি ওজন কৰি লৈ আহোঁ। দোকানীজনে নিজৰ ভুল স্বীকাৰ কৰি ক'লে মই এতিয়াৰ পৰা অসৎ কাম নকৰোঁ।।

শিক্ষানীয় বিষয়সমূহ:

👉আপুনি যি আনক দিব..পিছত সেইটো আপোনালৈ ঘূৰি আহিব,,, সেইটো সন্মান হওঁক বা ঘৃণা ।👈



Thanks & Regards
MD NUR ISLAM QADRI
Mobile- 9365072223
Madarpur, Chirang BTR (Assam)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)